![]()
নিউজ ডেস্কঃ
দেশত কোভিড সংক্রমণৰ হাৰ ক্রমে বৃদ্ধি পাইছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ দেওয়া তথ্য অনুযায়ী বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশত নতুনকৈ কোভিড আক্রান্ত হৈছে ১৬,৭৫২ জন। স্বাস্থ্য মন্ত্ৰালয়ৰ কেবিনেট সচিবে কৰোনাৰ উচ্চ সংক্ৰমণ হোৱা সংশ্লিষ্ট ৰাজ্য তেলেঙ্গানা, মহাৰাষ্ট্র, ছত্তীশগড়, মধ্যপ্রদেশ, গুজৰাট, পঞ্জাব, জম্মু-কাশ্মীৰ আৰু পশ্চিমবঙ্গৰ সৈতে এখন উচ্চ পর্যায়ৰ পর্যালোচনা বৈঠকৰ পিছতেই সিদ্ধান্ত লয় কেন্দ্রীয় দল পঠোৱাৰ। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে মহাৰাষ্ট্র, কেৰালা, পঞ্জাব, কর্ণাটক, তামিলনাডু, গুজৰাটত বিগত ২৪ ঘন্টাত কোভিড এক্টিভ কেছৰ সংখ্যা বৃদ্ধি পায়ে গৈছে। দেওবাৰে স্বাস্থ্য মন্ত্ৰালয়ে দিয়া পৰিসংখ্যাত জনোৱা হৈছে,দেশৰ কোভিড সংক্রমণত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে কৰোনাৰ নতুন প্ৰজাতিৰ ফলত। এই ৬ ৰাজ্যত বৃদ্ধি পোৱা কৰোনা সংক্রমণ ৰুধিবলৈ কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা উচ্চ পর্যায়ৰ দল পঠাব।










