![]()
নিউজ ডেস্কঃ
সম্প্রতি দেশৰ বৃহত্তম বেঙ্ক এছবিআয়ে এক জৰুৰী বিজ্ঞপ্তি প্রকাশ কৰিছিল। য’ত নিৰৱচ্ছিন্ন সেৱা অব্যাহত ৰাখিবলৈ এটি গুৰুত্বপূর্ণ বিষয় গ্রাহকসকলৰ দৃষ্টিগোচৰ কৰা হৈছে। কেৱল সেয়াই নহয়, এই নিয়ম নামানিলে একাউন্ট ফ্রিজ হৈ যাব বুলিও এছবিআয়ে তেওঁলোকৰ গ্রাহকসকলক সতর্ক কৰি দিছিল। পূর্ব ঘোষণা অনুসৰি, আজি ১ মার্চৰ পৰা বাধ্যতামূলকভাবে প্ৰযোজ্য হৈছে নতুন এই নিয়ম।
ভাৰতীয় ৰিজার্ভ বেঙ্কৰ গাইডলাইন অনুসৰি, নির্দিষ্ট সময়ৰ অন্তৰালত বেঙ্কবোৰত গ্রাহকসকলে KYC আপডেট কৰিবলগা হয়। ই এটি নিয়মিত প্রক্রিয়া। যিসকল গ্রাহকৰ KYC আপডেট বাকী আছে কিছুদিন পূৰ্বে তেওঁলোকলৈ এছবিআয়ে জাননী পঠাইছিল। তেওঁলোকক যিমান সম্ভৱ সোনকালে নিকটৱর্তী এছবিআই শাখালৈ গৈ প্রয়োজনীয় সকলো তথ্য জমা দিবলৈ কোৱা হৈছিল।
এছবিআইত একাউন্ট সক্ৰিয় ৰাখিবলৈ বাধ্যতামূলক KYC আপডেটৰ নিয়ম আজিৰ পৰা কার্যকৰী হ’ল। ইয়াৰ উপৰি বেঙ্ক একাউন্টৰ সৈতে আধাৰ লিঙ্ক সন্দৰ্ভতো এছবিআয়ে সম্প্রতি তেওঁলোকৰ গ্রাহকসকলক আৰু এবাৰ সতর্ক কৰিছে। বর্তমান বেঙ্ক একাউন্টৰ সৈতে আধাৰ নম্বৰ লিঙ্ক বাধ্যতামূলক নহয়। কোনো গ্রাহকে বিচাৰিলে স্বেচ্ছাই তেওঁৰ বেঙ্ক একাউন্টৰ সৈতে আধাৰ নম্বৰ লিঙ্ক কৰাব পাৰে। কিন্তু যিবোৰ একাউন্টত কেন্দ্রীয় চৰকাৰৰ সুবিধা বা ছাবছিডিৰ টকা জমা হয়, সেইবোৰ একাউন্টৰ সৈতে আধাৰ লিঙ্ক বাধ্যতামূলক বুলি এছবিআয়ে জনাইছে।










