ASSAM TIMES POST
নতুন দিল্লীঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধ্যক্ষ শক্তিকান্ত দাসে ইতিমধ্যে চৰকাৰলৈ ১,৭৬,০৫১ কোটি টকা হস্তান্তৰত অনুমোদন জনাইছে। ইয়াৰে ১,২৩,৪১৪ কোটি টকা ২০১৮-১৯ বৰ্ষৰ কাৰণে উদ্বৃত্ত(surplus) বা লভ্যাংশ(dividend)ৰ। ইফালে ৫২, ৬৩৭ কোটি টকা অতিৰিক্ত ব্যৱস্থাপনা(excess provisions)ৰ।
অৱশ্যে কেন্দ্ৰীয় বেংকটোৰদৰে এয়াই প্ৰথম-বাৰ হস্তান্তৰ। ইয়াৰ পৰিপ্ৰেক্ষিতত যদিও আৰবিআয়ে চৰকাৰৰ একাউন্টত ১.৭৬ লাখ কোটি টকা জমা কৰি দিব বুলি প্ৰকাশ পাইছে, তথাপিতো সকলোৱে ভবামতে এই পৰিমাণটো ডাঙৰ নহয়।
কিয়নো চলিত বৰ্ষৰ বাজেটত ৯০ হাজাৰ কোটি টকাৰ কাৰণে চৰকাৰ দায়বদ্ধ(accounted )। এই পৰিমাণটো পূৰ্বৰ বৰ্ষতকৈ ৮০ শতাংশ বেছি।
ইয়াৰ সৈতে যোৱা বিত্তীয় বৰ্ষত আৰবিআয়ে প্ৰদান কৰা ২৮ হাজাৰ কোটি টকাৰ অন্তর্বর্তী(interim) লভ্যাংশ যোগ দিলে চৰকাৰে আৰবিআইৰপৰা পোৱা ধনৰ পৰিমাণ ৫৮ হাজাৰ কোটিহে হ’বগৈ।