![]()
নিউজ ডেস্কঃ
কাইলৈ ভাৰত বন্ধৰ আহ্বান জনাইছে ব্যৱসায়ীসকলৰ সংগঠনবোৰে। কনফেডাৰেচন অব অল ইণ্ডিয়া ট্রেডাৰ্ছে জিএছটি প্ৰসংগত আহ্বান জনাইছে এই ভাৰত বন্ধৰ। সংগঠনটোৱে জনোৱা মতে, এই বন্ধত চামিল হ’ব দেশৰ ব্যৱসায়ীসকলৰ ৯০ শতাংশ ব্যৱসায়ী। সংগঠনটোৰ এজন মুখপাত্ৰই জনাইছে, জিএছটি সৰলীকৰণ পদ্ধতি নহয়। এই পদ্ধতিত অতি বিপাঙত পৰিছে ব্যৱসায়ীসকল। তেওঁলোকে অবিলম্বে এই সমস্যাৰ এক স্থায়ী সমাধান দাবী কৰিছে। তেওঁ লগতে জনায়, প্রতিবাদস্বৰূপে কোনো ব্যৱসায়ীয়ে জিএছটি পৰ্টেলত লগইন নকৰে। ইফালে এই বন্ধক সমর্থন জনাইছে, অল ইণ্ডিয়া ট্ৰেন্সপোর্ট ৱেলফেয়াৰ এছোচিয়েচনে। সংগঠনটোৰ এক কোটি কর্মচাৰী এই বন্ধত চামিল হ’ব বুলি খবৰ প্ৰকাশ।
আনহাতে, অসমতো এই বন্ধৰ সমৰ্থন জনাইছে কেইবাটাও দল-সংগঠনে৷ কামৰূপ চেম্বাৰ্ছ অব কমাৰ্ছে এই বন্ধৰ সমৰ্থনত কাইলৈ বন্ধ ৰাকিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান৷ বন্ধৰ সমৰ্থন জনাইছে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদেও৷










