নিউজ ডেস্কঃ
আগৰ পৰ্যায়ত ৫০ টকা মূল্যবৃদ্ধিৰ দুসপ্তাহো পাৰ নৌহওঁতেই বুধবাৰে মাজনিশা পুনৰ ২৫ টকা মূল্য বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ। এই লৈ চলিত মাহত তিনিবাৰত মুঠ ১০০ টকা বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য।
ৰাষ্ট্ৰীয়কৃত তেল-গেছ কোম্পানীবোৰৰ ঘোষণা, ১৪.২ কিলোগ্রামৰ ছাবছিডিবিহীন চিলিণ্ডাৰৰ মূল্য গুৱাহাটীত ২৫ টকা বৃদ্ধি পাই হৈছে ৮৪৩ টকা। পূৰ্বতে এই চিলিণ্ডাৰৰ মূল্য আছিল ৮১৮ টকা৷ আনহাতে, দূৰণিবটীয়া ঠাইবোৰত এই মূল্য অধিক বৃদ্ধি পাইছে৷ উদাহৰণ স্বৰূপে হাইলাকান্দিত চিলিণ্ডাৰৰ মূল্য হৈছেগৈ ৯৩৭ টকা৷ উল্লেখ্য, বাণিজ্যিক ব্যৱহাৰৰ চিলিণ্ডাৰৰ মূল্য কমিছে ৫ টকা৷
তেল-গেছ কোম্পানীবোৰৰ দাবী, বিশ্ব বজাৰত গেছ আৰু তাৰ উপাদানৰ দাম বৃদ্ধিয়েই ইয়াৰ কাৰণ। কিন্তু প্রশ্ন হয়, তেনেহ’লে একেৰাহে দুবাৰকৈ বাণিজ্যিক কামত ব্যৱহৃত চিলিণ্ডাৰৰ মূল্য কেনেদৰে কমিল?