ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : বৈঠালাংছৰ কাৰবি লাংপি নদীত সলিল সমাধি ঘটা দুই ছাত্ৰৰ মৃতদেহ আজি উদ্ধাৰ হৈছে ৷ কালিৰে পৰা উদ্ধাৰ অভিযান চলাই থকা SDRF য়ে আজি ঘটনাস্থলীৰ কাষতে উদ্ধাৰ কৰে সঞ্জয় চেনাৰ আৰু বিদ্যা চেনাৰৰ মৃতদেহ।
দেওবাৰে চাৰিজন বন্ধুৰ সৈতে বৰপানী নদীত গা ধুবলৈ গৈ পানীত ডুব গৈছিল দুয়ো।বৈঠালাংছ’ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম আৰু দশম শ্ৰেনীৰ ছাত্ৰ আছিল দুয়ো। পশ্চিম কাৰ্বি আংলঙত নদীত গাধূৱলৈ গৈ ছাত্র এনে সলিল সমাধি ঘটা ঘটনায়ে এতিয়া সমগ্র পাহাৰীয়া জিলাখনতে এক শোকৰ চাঁয়ে বিৰাজ কৰিছে |