![]()
নিউজ ডেস্কঃ
গণতন্ত্র দিৱসত দিল্লীত অশান্তিৰ ঘটনাত আৰক্ষীৰ গ্ৰেপ্তাৰ অভিযান অব্যাহত আহে। উক্ত ঘটনাত ইকবাল সিং নামৰ আৰু এক অভিযুক্তক গ্রেপ্তাৰ কৰিলে দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে। পঞ্জাবৰ হোশিয়াৰপুৰৰ পৰা তেওঁক গ্রেপ্তাৰ কৰা হৈছে। ইকবালৰ গ্রেপ্তাৰীৰ বাবে ৫০ হাজাৰ টকা পুৰস্কাৰ ঘোষণা কৰা হৈছিল।
উল্লেখ্য, গণতন্ত্র দিৱসত লালকিল্লাত আক্ৰমণৰ অভিযোগত মঙ্গলবাৰে পুৱা বিজেপি ঘনিষ্ঠ বুলি পৰিচিত পাঞ্জাবী অভিনেতা দীপ সিধুক গ্রেপ্তাৰ কৰে দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে। লালকিল্লাত আক্ৰমণৰ পিচৰ পৰা তেওঁ পলাতক আছিল। দীপ সিধুৰ সন্ধান দিব পাৰিলে ১ লাখ টকা পুৰস্কাৰ দিয়া হ’ব বুলিও ঘোষণা কৰা হৈছিল। উল্লেখ্য, গণতন্ত্র দিৱসত লালকিল্লাত প্ৰৱেশ কৰি ধর্মীয় পতাকা উৰুওৱাৰ ঘটনাৰ অভিযোগ উঠিছে পাঞ্জাবী যুৱক দীপ সিধুৰ বিৰুদ্ধে।












