![]()
নিউজ ডেস্কঃ
এইবাৰ ৪০ লাখ ট্ৰেক্টৰ সমদলেৰে ৰাজপথত নামিব প্ৰতিবাদী কৃষক। মঙলবাৰে এই হুংকাৰ দিলে ভাৰতীয় কিষাণ ইউনিয়ন (বিকেইউ)ৰ নেতা ৰাকেশ টিকায়েতে। এক সৰ্বভাৰতীয় সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত কেন্দ্ৰলৈ এই চৰম বাৰ্তা দিয়ে কৃষক নেতাজনে ৷
উল্লেখ্য যে মঙলবাৰে হাৰিয়ানাৰ কুৰুক্ষেত্র জিলাৰ পেহোৱাত অনুষ্ঠিত হৈছিল ‘কিষাণ মহা পঞ্চায়ত’ নামৰ এক সভা৷ উক্ত সভাৰ পৰাই তেওঁ ব্যাপক আন্দোলনৰ আহ্বান জনোৱাৰ লগতে এই আন্দোলনক দেশৰ বাকী অংশলৈও লৈ যোৱাৰ বার্তা দিয়ে টিকায়েতে।












