![]()
নিউজ ডেস্কঃ
ট্রাম্পৰ বিৰুদ্ধে অনা মহাভিযোগ প্রস্তাৱত ৬জন ৰিপাব্লিকানৰ ভোট বিচাৰৰ পক্ষত। মার্কিন যুক্তৰাষ্ট্রৰ কেপিটেলত যোৱা ৬ জানুৱাৰীৰ আক্ৰমণৰ ঘটনাত অভিযোগ অনা হৈছিল ট্রাম্পৰ বিৰুদ্ধে। মঙ্গলবাৰে এটি ভিডিও প্রদর্শনৰ মাধ্যমেৰে কার্যক্রম আৰম্ভ হয়। ভিডিওটোত ট্রাম্পৰ ৬ জানুৱাৰীৰ বক্তৃতা আৰু তেওঁৰ সমর্থকসকলৰ তাণ্ডৱৰ দৃশ্য দেখুওৱা হয়।
মেৰিলেণ্ডৰ পৰা নির্বাচিত প্রতিনিধি জেমি ৰাছকিনে কয়, “এইটো ডাঙৰ অপৰাধ আৰু অসদাচৰণ। এইটো অপৰাধৰ বাহিৰে আন একোৱেই হ’ব নোৱাৰে”।
অৱশ্যে প্রাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ অধিবক্তাই যুক্তি দেখায় যে এজন ৰাষ্ট্ৰপতিক বিচাৰৰ সন্মুখীন কৰোৱাটা অসাংবিধানিক আৰু ডেমোক্ৰেটসকলৰ এই উদ্যোগক ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত বুলি অভিযোগ তোলে।
তাৰ পিছত ছিনেটত ৫৬-৪৪ ভোটত বিচাৰ প্রক্রিয়া আগবঢ়াই নিয়াৰ পক্ষত ৰায় আহে। অর্থাৎ ৬ জন ৰিপাব্লিকানে ভোট দিয়ে বিচাৰৰ পক্ষত, যিয়ে যথেষ্ট অস্বস্তিত পেলাইছে ৰিপাব্লিকানসকলক। যাৰ ফলত ট্রাম্পৰ বিৰুদ্ধে অনা মহাভিযোগৰ প্রস্তাৱক সংবিধানসন্মত বুলিয়েই অনুমোদন দিয়ে মার্কিন ছিনেটে।












