![]()
নিউজ ডেস্কঃ
ছাত্রীৰ সৈতে বিবাহ বহি:র্ভূত সম্পর্কৰ সন্দেহত এজন শিক্ষকৰ ঘৰ ঘেৰাও কৰি লণ্ডভণ্ড কৰে স্থানীয় লোকসকলে। সোমবাৰে নিশা ঘটনাটি ঘটে পশ্চিমবংগৰ পূব বর্ধমানৰ কাটোৱা থানাৰ মণ্ডলহাটত। মাৰমুখী জনতাৰ হাতৰ পৰা বাচিবলৈ দুমহলীয়া বিল্ডিঙৰ ছাদৰ পৰা জাঁপ দি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শিক্ষকজন। জানিব পৰা মতে, তেওঁৰ দুয়োখন ভৰিয়ে ভাঙিছে। আঘাতপ্ৰাপ্ত শিক্ষকজনক উদ্ধাৰ কৰি হস্পিটেললৈ পঠাই দিয়ে আৰক্ষীয়ে। বর্ধমান মেডিকেল কলেজ হস্পিটেলত তেওঁ বৰ্তমান চিকিৎসাধীন।
আৰক্ষী সূত্ৰ মতে, কাটোৱা ৰাজমহিষী দেৱী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পার্শ্বশিক্ষক ৰমেন। মণ্ডলহাটত পিতৃ-মা, পত্নী আৰু দুই পুত্ৰ সন্তানক লৈ তেওঁৰ সংসাৰ। বহু ছাত্র-ছাত্রী তেওঁৰ ওচৰলৈ পঢ়িবলৈ আহে। তেওঁলোকৰ মাজৰেই এগৰাকী ছাত্রীৰ সৈতে ৰমেনৰ বিবাহবহির্ভূত সম্পর্কৰ অভিযোগ উঠে।
বিষয়টোক লৈ এলেকাটোত এক চেপা উত্তেজনা বিৰাজ কৰিছিল বহু দিন ধৰি। সোমবাৰে নিশা ৯ বজাত এলেকাটোৰ বহু কেইজন লোক ৰমেনৰ ঘৰত অকস্মাতে প্ৰৱেশ কৰি তাণ্ডৱ আৰম্ভ কৰে বুলি অভিযোগ। স্থানীয় সূত্র মতে, উক্ত দিনা সন্ধ্যা এগৰাকী ছাত্রীক বাইকত উঠাই লৈ যোৱাৰ সময়ত ৰমেনক আবদ্ধ কৰে স্থানীয় বহু যুৱকে। উক্ত যুৱতীগৰাকী কাটোৱা কলেজৰ প্রথম বর্ষৰ ছাত্রী। ৰমেনৰ ওচৰত পঢ়ে। তেওঁৰ সৈতে ৰমেনৰ সম্পর্ক থকাৰ অভিযোগ তুলি অপদস্থ কৰে যুৱক কেইজনে। তেওঁলোকে কথাটো ছাত্রীগৰাকীৰ ঘৰতো জনায়।
ইয়াৰ পিছতে এলেকাটো উত্তপ্ত হৈ উঠে। বহু কেইজন লোক একত্ৰিত হৈ ৰমেনৰ ঘৰত ব্যাপক ধ্বংসযজ্ঞ চলায়। ৰমেনে নিজৰ প্রাণ বচাবলৈ ছাদৰ ওপৰৰ পৰা জাঁপ দিয়ে। গণ্ডগোলৰ খবৰ পাই আৰক্ষী আহি ৰমেনক উদ্ধাৰ কৰে। ইফালে তেওঁৰ পত্নী সুচিত্রাৰ দাবী, কেৱল সন্দেহৰ বশৱৰ্তী হৈ এদল লোকে তেওঁলোকৰ ঘৰত আক্ৰমণ চলায়। তেওঁৰ স্বামীক হত্যা কৰাৰ চেষ্টা কৰা হৈছিল বুলিও অভিযোগ সুচিত্রাৰ। আৰক্ষীয়ে জনোৱা মতে, এতিয়ালৈকে কোনো অভিযোগ দাখিল কৰা হোৱা নাই।
আনহাতে, প্রতিবেশী বিনয় দেৱনাথৰ দাবী, ছাত্রীগৰাকীৰ সৈতে ৰমেনৰ সম্পর্ক আছিল। তাৰ ফলতেই উক্ত ঘটনাটো ঘটে। অৱশ্যে ছাত্রীগৰাকীৰ পৰিয়ালে এই অভিযোগ অস্বীকাৰ কৰে।












