![]()
নিউজ ডেস্কঃ
বিজ্ঞাপনৰ মাধ্যমেৰে আৰম্ভ হ’ল কৃষক আন্দোলনৰ সমর্থনত প্রচাৰ। আমেৰিকাৰ সতলোতকৈ জনপ্রিয় স্পর্টিং ইভেন্ট ‘ছুপাৰ বল’ত আৰম্ভ হৈছে এই প্রচাৰ। ৩০ ছেকেণ্ডৰ টেলিভিছন কমাৰ্চিয়েল (টিভিচি)ৰ মূল বক্তব্যই হ’ল, ‘ইণ্ডিয়া, টেক বেক দ্য ফার্ম এক্টছ’ অর্থাৎ ‘ভাৰতবৰ্ষ, কৃষি আইনবোৰ প্রত্যাহাৰ কৰক।’
বিজ্ঞাপনৰ মাজতেই আছে এই লাইন। তাৰ পিছতেই আছে মার্টিন লুথাৰ কিং জুনিয়ৰৰ বিখ্যাত উক্তি, ‘বিশ্বৰ যিকোনো প্রান্তত অবিচাৰ, সকলো প্রান্তৰ সুবিচাৰৰ বাবে বিপজ্জনক।’ এই বিজ্ঞাপনটো শেষ হৈছে ‘ফার্মাৰ্ছ প্রটেষ্ট’ আৰু ‘ষ্টেণ্ড উইথ ফার্মাৰ্ছ’ হেজটেগেৰে। লগতে বহুল ব্যৱহৃত শ্লোগান, ‘ন’ ফার্মাৰ্ছ, ন’ ফুড, ন’ ফিউচাৰ।’ মাজতে কৃষক আন্দোলনৰ বিভিন্ন ছবিৰ সৈতে নানা তথ্য দি ইয়াক বিশ্বৰ বৃহত্তম আন্দোলনৰ শিৰোনামো দিয়া হৈছে।
উল্লেখ্য, আমেৰিকাত সকলোতকৈ বেছি মানুহে ছুপাৰ বল ফুটবল ইভেণ্ট চায়। কিন্তু ছুপাৰ বলৰ মূল ইভেণ্টত বিজ্ঞাপনটো চলা নাই। চলিছে কেইবাটাও টিভি চেনেলত। কেলিফোর্নিয়াত শিখ সম্প্রদায়ৰ এজন বেঙ্ক কর্মচাৰী ৰাজ সোধীয়ে ইয়াৰ উদ্যোগ লয়। ছুপাৰ বলৰ মাধ্যমেৰে ভাৰতৰ কৃষক আন্দোলনৰ প্রতি আমেৰিকানসকলৰ দৃষ্টি আকর্ষণ কৰাই আছিল তেওঁৰ লক্ষ্য। উক্ত বেঙ্ক কর্মচাৰীজনে বৰঙণি তুলি ছুপাৰ বল ইভেণ্টত বিজ্ঞাপন দিয়াৰ ইচ্ছা কৰে। পৰিকল্পনা আছিল আমেৰিকাৰ একাধিক স্থানত এই বিজ্ঞাপন প্ৰচাৰৰ। কিন্তু শেষপর্যন্ত সেইটো সম্ভৱ নহ’ল অর্থৰ অভাৱত। কেলিফোর্নিয়াৰ কেইবাটাও অঞ্চলত স্থানীয় চেনেলত এই বিজ্ঞাপন দেখুওৱা হৈছে।












