![]()
নিউজ ডেস্কঃ
বিজেপিক প্ৰত্যাহ্বান জনাবলৈ এইবাৰ ছ’চিয়েল মিডিয়াত যুঁজিবলৈ নামিল কংগ্রেছ। কংগ্রেছত ‘জইন কংগ্রেছ ছ’চিয়েল মিডিয়া’ নামৰ এক কাৰ্যসূচীৰ ঘোষণা কৰিলে ৰাহুল গান্ধীয়ে। তেওঁ টুইটত এটি ১ মিনিট ১১ ছেকেণ্ডৰ ভিডিওত যুৱ সমাজক আগুৱাই আহি ‘সত্য, শান্তি আৰু ঐক্য’ৰ বাবে যুঁজত চামিল হোৱাৰ আবেদন জনালে।
কংগ্রেছ সূত্র মতে, আগন্তুক দিনত বিজেপিৰ আইটি চেলক সমানে সমানে প্ৰত্যাহ্বান জনাবলৈ দেশজুৰি ৫ লাখ ছ’চিয়েল মিডিয়া কর্মচাৰী নিয়োগ কৰিব কংগ্রেছে। তেওঁলোকৰ কাম হ’ব বিজেপিৰ যাৱতীয় অপপ্রচাৰ আৰু ঘৃণাৰ বিৰুদ্ধে প্ৰকৃত তথ্য জনমানসত দাঙি ধৰাটো। দলৰ এক শীর্ষ নেতাৰ মতে, কংগ্রেছে দেশৰ সাধাৰণ যুৱ সমাজৰ মাজৰ পৰাই এই ৫ লাখ কর্মচাৰীক আনিব। তাৰ বাবে ইতিমধ্যেই ছ’চিয়েল মিডিয়াত বিজ্ঞাপন দিয়া আৰম্ভ হৈছে। যিয়ে যিয়ে কংগ্রেছৰ ছচিয়েল মিডিয়া দলত যোগ দিবলৈ বিচাৰিব, তেওঁলোকৰ নাম প্রথমতে নথিভুক্ত কৰাব লাগিব। তাৰ পিছত লোৱা হ’ব ইণ্টাৰভিউ। নিয়োগৰ পিছত তেওঁলোকক প্রশিক্ষণো দিয়া হ’ব। তাৰ পিছত তেওঁলোকক নমোৱা হ’ব বিজেপিৰ আইটি চেলৰ মোকাবিলা কৰিবলৈ। দলৰ এজন নেতাৰ মতে, দেশৰ প্রতিখন জিলাত ছ’চিয়েল মিডিয়াত প্ৰায় ৫০ হাজাৰ কর্মচাৰী-সমর্থকক লগত লৈ তেওঁলোকৰ সৈতে কাম কৰিব এই যুৱ দলটোৱে।
এই সন্দৰ্ভত কংগ্রেছ মুখপাত্র পৱন খেৰাই কয়, ‘যেতিয়া বিজেপি ২০১৪ চনত ক্ষমতালৈ আহিছিল তেতিয়া বহুতেই কংগ্রেছৰ সমালোচনা কৰিছিল যে কংগ্রেছ ছচিয়েল মিডিয়াত সক্ৰিয় নহয়। কিন্তু যেতিয়া কংগ্রেছ ছচিয়েল মিডিয়াত পাৰদর্শী হ’ল তেতিয়া বহুতেই কৈছিল তেওঁলোকে কাৰ্যক্ষেত্ৰত নামি কাম কৰা নাই৷ কিন্তু এতিয়া আমি পথ আৰু ছ’চিয়েল মিডিয়া উভয়তেই আছো।’












