ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটীৰ খানাপাৰা পশুধন পাম খেলপথাৰত আজিৰে পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছে পশুধন আৰু হাঁহ কুকুৰা মেলা।পশুপালন আৰু পশু চিকিৎসা বিভাগ, অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত অনুষ্ঠিত হোৱা মেলাখন আনুষ্ঠানিক ভাৱে মুকলি কৰে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী।
উল্লেখ ২০ বছৰৰ মূৰত অনুষ্ঠিত কৰা হৈছে মেলাখন।কৃষি লগত জড়িত থকা প্ৰতিজন ব্যক্তিক উৎসাহিত কৰা লক্ষৰে আয়োজন কৰা হৈছে মেলাখন।
গুৰুত্বপূৰ্ণ কথা এই ২০১৯ বর্ষত ৰাষ্ট্ৰীয় ভিত্তিত পশুপালন আৰু পশু চিকিৎসা বিভাগে অনুষ্ঠিত কৰিছিল পশুধন আৰু হাঁহ কুকুৰা মেলা।
আজি মেলা উদ্বোধন কৰি মন্ত্ৰী বৰাই কয়- পূৰ্ব বছৰত মেলা আয়োজন কৰি আমি উপকৃত হৈছোঁ।এইবাৰ যথেষ্ট খেতিয়কে অংশগ্ৰহণ কৰিছে’।
অসমৰ অৰ্থনীতিত কৃষি আৰু কৃষকৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে অনুষ্ঠানত উপস্থিত থকা আমন্ত্ৰিত অতিথি ঋষিকেশ গোস্বামীয়ে।কৃষি খণ্ডক অধিক গুৰুত্ব প্ৰদান কৰি কৃষক সকলৰ স্বাৰ্থত চৰকাৰে গ্ৰহণ কৰা বিশেষ প্ৰদক্ষেপৰ কথাও অনুষ্ঠানত ব্যক্ত কৰে গোস্বামীয়ে।
বুধবাৰলৈকে অনুষ্ঠিত হ’ব লগা মেলাখনৰ উদ্বোধনী অনুষ্ঠানত পশুপালন আৰু পশুচিকিৎসা বিভাগৰ উচ্চ পদস্ত বিষয়া সকল উপস্থিত থাকে।












