ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ২৪ জনকৈ ব্যক্তি ৷ আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ৮ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭২১০ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩৩২ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৪৪৪৭ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১০৮৪ গৰাকীলৈ বৃদ্ধি পালে।












