![]()
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ ৰূপেশ কেজৰীৱালৰ মৃত্যুৰ তদন্তৰ ঘোষণা। কাৰ ভুলৰ বাবে চিকিৎসা অবিহনে দুৰ্ঘটনাত পতিত হোৱা চিকিৎসকগৰাকীয়ে মৃত্যুক আঁকোৱালি ল’ব লগা হ’ল ! সমগ্ৰৰ বিষয়টোক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্য।
প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে পুৱতি নিশা দুৰ্ঘটনাগ্ৰস্ত হৈছিল ডাঃ কেজৰীৱাল। পুৱতি নিশা মটৰ চাইকেলত আহি থকা অৱস্থাত অচিনাক্ত বাহনৰ সৈতে হোৱা সংঘৰ্ষত গুৰুত্বভাৱে আহত হৈ মুমূৰ্খ অৱস্থাত পথৰ দাঁতিত পৰি থকা কেজৰীৱালক হাটীগাঁও আৰক্ষীয়ে নিশা প্ৰায় ১মান বজাত ভৰ্তি কৰাইছিল জিএনআৰচিৰ হাস্পতালত। কিন্তু চিকিৎসকগৰাকীৰ অৱস্থা সংকটজনক দেখি উন্নত চিকিৎসাৰ বাবে জিএনআৰচি চিকিৎসালয় কৰ্তৃপক্ষই গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। পুৱা ৫ বজাত চিকিৎসক কেজৰীৱালক জিএমচিএইচত চিকিৎসা বাবে ভৰ্তি কৰা হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে কোনো ধৰণৰ চিকিৎসা অবিহনে জিএমচিএইচত মৃত্যুক সাৱতিলে ডাঃ ৰূপেশে।
আনহাতে, দুৰ্ঘটনাগ্ৰস্ত চিকিৎসকগৰাকী মৃত্যুত বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াক। অভিযোগ উঠিছে জিএমচিএইচত উপযুক্ত চিকিৎসা নোপোৱা মৃত্যু হৈছে ডাঃ ৰূপেশ। বিভিন্ন মহলত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াক লৈ জিএমচিএইচ কৰ্তৃপক্ষই সমগ্ৰ বিষয়টো তদন্তৰ ঘোষণা কৰিছে। জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই জনোৱা অনুসৰি ঘটনাৰ উচিত তদন্তৰ কৰা হ’ব। মৃত চিকিৎসকগৰাকীৰ সকলো নথি জব্দ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত প্ৰকাশ কৰা সমগ্ৰ ঘটনাৰ বিস্তৃত বিৱৰণ।
ইফালে, এক সূত্ৰত প্ৰকাশ পোৱা খবৰ অনুসৰি তাপৰ্যপূৰ্ণ কথা এই যে জিএনআৰচিৰ কৰ্তৃপক্ষ চৰম হেমাহী বাবে মৃত্যু হৈছে ৰূপেশৰ। ব্যক্তিগতখণ্ডৰ চিকিৎসালয়খনে দুৰ্ঘটনাগ্ৰস্ত ৰূপেশক কৰা নাছিল স্বাস্থ্য বিশেষ পৰীক্ষা। নামমাত্ৰ চিকিৎসা কৰি ৰহস্যজনক ডাঃ গৰাকীক প্ৰেৰণ কৰিছিল হৈছিল জিএমচিএইচলৈ। যাৰ বাবে গুৰুত্বভাৱে আহত চিকিৎসকগৰাকীৰ অতিমাত্ৰা ৰক্তক্ষৰণ হৈ মৃত্যুক সাৱতি লোৱা আশংকা প্ৰকাশ কৰিছে সূত্ৰটোৱে। সূত্ৰটোত উল্লেখ কৰা মতে মৃত ৰূপেশৰ দুৰ্ঘটনাত এখন ভৰি সম্পূৰ্ণৰূপে ভাঙি গৈছিল। কিন্তু ৰহস্যজনকভাৱে জিএনআৰচি কৰ্তৃপক্ষই দুৰ্ভগীয়া চিকিৎসকগৰাকীক কেৱল মাত্ৰ কপালত পোৱা আঘাতৰ সামান্য চিকিৎসাকৰি জিএমচিএইচলৈ প্ৰেৰণ কৰিছিল। দুৰ্ঘটনাত পতিতএগৰাকী লোকক কৰিব লগা প্ৰাথমিক স্বাস্থ্য পৰীক্ষাও সম্পূৰ্ণ কৰা নাছিল বুলি সূত্ৰটোৱে উল্লেখ কৰিছে।












