ষ্টাফ ৰিপ’ৰ্টাৰ:
‘কৃষ্ণ-বলোৰাম ঐক্যবদ্ধ, কংস বধ নিশ্চিত হল-অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল’ৰ আনুষ্ঠানিক মিত্ৰতা ঘোষণা কৰি এই মন্তৱ্য দুয়োটা দলৰ নেতৃত্বৰ।গুৱাহাটীৰ পানবজাৰৰ এখন হোটেলত যৌথ ভাৱে দুয়োটা দলৰ নেতৃত্বই আজি সংবাদমেল সম্বোধন কৰি মিত্ৰতা আনুষ্ঠানিক হোৱা কথা ঘোষণা কৰিলে।
অসমৰ জাতীয় জীৱনৰ জটিল সন্ধিক্ষণত আপোচবিহীন জাতীয়তাবাদৰ বৰভেটি গঢ়িবলৈ এজেপি- ৰাইজৰ দল ঐক্যবদ্ধ হৈছে। ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ আগ্ৰাসী মানসিকতা,অতিকেন্দ্ৰী ভূত চিন্তা, যুক্তৰাষ্ট্রীয় ব্যৱস্থাত আঞ্চলিক অধিকাৰ, আত্মনিয়ন্ত্ৰণ সংগ্রামৰ প্ৰতি বৈষম্যমূলক চিন্তা, সাম্প্ৰদায়িকতাই গণতান্ত্ৰিক ঐতিহ্য গৰিমাক নিঃশেষ কৰা জাতিধ্বংসী সিদ্ধান্ত বিৰুদ্ধে অসম জাতীয় জীৱনক ন্যায় দিবলৈ আপোচবিহীন ঐক্যবদ্ধ জাতীয়তাবাদৰ বিকল্প নাই’- যৌথ সংবাদমেলত লুৰীণজ্যোতি গগৈয়ে কয়।
বৃহস্পতিবাৰে এজেপি নেতৃত্বই ৰাইজৰ দল’ৰ সভাপতি অখিল গগৈক সাক্ষাৎৰ পাছতে মিত্ৰতা চুড়ান্ত হোৱা বুলি গগৈয়ে কয়।
জাতীয়তাবাদৰ সুৰক্ষিত ভৱিষ্যত অসমৰ ৰাজনৈতিক অধিকাৰ কি দৰে সুৰক্ষিত কৰিব পাৰি, ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰ আত্মনিয়ন্ত্ৰণ, ভাষা কৃষ্টি সংস্কৃতি লগতে ভাগি পৰা জাতীয় অৰ্থনীতি বৰভেটি উদ্ধাৰে জাতীয় পুঁজি শক্তিশালী কৰা বাবে বিস্তৃত ভাৱে আলোচনা কৰা হৈছিল- লগতে কয়।
আজি দিনটো অসমৰ বাবে এটা ঐতিহাসিক দিন, ঐতিহাসিক ক্ষণ বুলি উল্লেখ কৰি গগৈয়ে কয়- আগন্তক বিধানসভা নিৰ্বাচনত এজেপি-ৰাইজৰ দলে ঐক্যবদ্ধ ভাৱে যুজঁ দিম।
আগন্তক দিনত স্বতন্ত্ৰ, স্বাভিমানী, আপোচবিহীন ৰাষ্ট্রীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক দলৰ লগত কোনো ধৰণৰ সনা-পুতুকা নথকা অন্য আঞ্চলিক দলসমূহ লগতো মিত্ৰতা হ’ব বুলি এজেপি সভাপতি গৰাকীয়ে কয়।
যৌথ সংবাদমেলত উপস্থিত থাকি ৰাইজৰ দল’ কাৰ্যকৰী সভাপতি ভাস্ক-ডি শইকীয়াই কয়- ফেচিষ্ট সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে আমি ঐক্যবদ্ধ ভাৱে যুজঁ দিম।বিজেপি- আৰএছএছৰ ভুৱা জাতীয়তাবাদ, প্ৰতাৰণা, অগপই কৰা চুড়ান্ত বিশ্বাসঘাটকতা বিৰুদ্ধে হ’ব যুজঁ।
অসমবাসীয়ে বিভিন্ন সময়ত কৰি অহা মিত্ৰতা প্ৰশ্ন, অনিশ্চয়তাৰ, আশংকা অৱসান ঘটাই আমি ঐক্যবদ্ধ হৈছোঁ- শইকীয়াই কয়।
উল্লেখ যৌথ সংবাদমেলত ৰাইজৰ দল কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকন, জিতুল ডেকা আৰু এজেপি সম্পাদক জগদীশ ভূঞা কাৰ্যকৰী সভাপতি পবিন্দ্র ডেকা উপস্থিত থাকে।












