ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ৩০ জনকৈ ব্যক্তি ৷
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ১১ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ কামৰূপ মহানগৰ জিলাত ৪ জন, যোৰহাটত ৩ জন আৰু ডিমা হাচাও জিলাত ২ জন লোক ক’ৰোণাত আক্ৰান্ত হয় ।
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২,১৭,১৮৬ জনলৈ বৃদ্ধি পাইছে । আনহাতে আৰোগ্য লাভ কৰে ২,১৪,৩৭৪ গৰাকীয়ে ৷উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১০৮৪ গৰাকীলৈ বৃদ্ধি পালে।












