ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম জাতীয় পৰিষদে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন, জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা উদ্দেশ্যেৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।বিত্তীয় আৰু অৰ্থনৈতিক পথ-পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে গঠন কৰিছে কৰিছে অৰ্থনৈতিক উন্নয়ন আৰু পৰিকল্পনা উপদেষ্টা পৰিষদ।হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পদক্ষেপ গ্ৰহণ কৰি অৰ্থনৈতিক ভেঁটি সুদৃঢ় কৰাটো ইয়াৰ মূল লক্ষ্য।
বিশিষ্ট অৰ্থনীতিবিদ তথা আৰ্থ সামাজিক বিশেষজ্ঞক লৈ নৱ গঠিত আঞ্চলিক দলটোৱে গঠন কৰিছে উপদেষ্টা পৰিষদখন।এই কথা সংবাদমেলযোগে ঘোষণা কৰে এজেপি সভাপতি লুৰীণজ্যোতি গগৈয়ে।
দেশৰ প্ৰখ্যাত অৰ্থনীতিবিদ ডঃ জৈমিনী ভাগৱতীক অধ্যক্ষ হিচাপে লৈ গঠন কৰা উপদেষ্টা পৰিষদৰ উপ-সভাপতি ডি এন শইকীয়া, আহ্বায়কৰ দায়িত্ব দিয়া হৈছে অদীপ কুমাৰ ফুকনক।
উল্লেখ পৰিষদ খনত অসমৰ পৰা ১৪ জন বিশেষজ্ঞ থকা উপৰিও অসমৰ বাহিৰৰ পৰা আছে ৯ জন বিশেষজ্ঞ।












