ষ্টাফ ৰিপ’ৰ্টাৰ:
সোমবাৰে গুৱাহাটী জিএছ ৰোডত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰা নৱ-নিৰ্মিত পদপথৰ হেতুত পিক পেলাই লেতেৰা কৰা দুৰ্বৃত্তক বিচাৰি আৰক্ষী অভিযান।দুৰ্বৃত্তক কৰায়ত্ত বাবে হেতুত সংলগ্ন কৰা চিচিটিভি ফুটেজ সংগ্ৰহ কৰিছে মহানগৰ আৰক্ষীয়ে।এই কথা জনালে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই।
‘পৌৰ নিগমৰ আইন আৰু দুৰ্যোগ ব্যৱস্থাপনা আইনত দোষীক শীঘ্ৰে কৰায়ত কৰা হ’ব বুলি আয়ুক্ত গুপ্তাই কয়।
গুৰুত্বপূৰ্ণ কথা এই যে সোমবাৰে লোক নিৰ্মান বিভাগৰ অধীনত নিৰ্মিত পদপথৰ হেতু দুখন মুকলি হোৱা ২৪ঘণ্টা পাৰ নৌহতে কোনো কাণ্ডজ্ঞানহীন দুষ্ট প্ৰকৃতিৰ লোকে পিকাই থৈ যায়।












