ষ্টাফ ৰিপ’ৰ্টাৰ:
১ ফেব্ৰুৱাৰীৰ কোকৰাঝাৰ জিলাৰ খুটাবাগ্ৰা অঞ্চলৰ পৰা নিশা ২৪ টা মহ বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ নিয়া অৱস্থাত কোকৰাঝাৰ আৰক্ষীৰ পৰ্বতঝৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত এটি দলে মহ কেইটা জব্দ কৰে আৰু লগতে চোৰাং গৰু–মহ বাংলাদেশলৈ সৰবৰাহকাৰী অনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
জব্দ কৰা মহ কিইটাৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১৫ লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । উল্লেখ যোগ্য যে, দুদিন পূৰ্বে সীমান্ত সুৰক্ষা বাহিনীৰ উপ মহানিৰ্দেশক (ডি. আই. জি.) জে. চি. নায়কে সাংবাদিকৰ আগত তথ্য সহকাৰে জনাইছিল, ভাৰত–বাংলাদেশ সীমান্তত চোৰাং গৰু–মহৰ সৰবৰাহ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে ।












