ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ৭০ জনকৈ ব্যক্তি ৷
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ১৩ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২,১৭১৫৪ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৪৭৬ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২,১৪২৪৮ গৰাকী ব্যক্তি।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত মৃত্যু হৈছে এজন লোকৰ।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১০৮৩ গৰাকীলৈ বৃদ্ধি পালে।












