ষ্টাফ ৰিপ’ৰ্টাৰ:
দিল্লীকে ধৰি নয়দা, কলকাতা, গুৱাহাটী, তেজপুৰ আৰু নলবাৰীত আয়কৰ বিভাগৰ গুৰুত্বপূৰ্ণ অভিযান; সুৰেশ পৃথানীৰ অবৈধ ক’লাধন আৰু অবৈধ বিত্তীয় লেনদেনৰ তথ্য উদঘাটন কৰাই হৈছে আয়কৰ বিভাগৰ উদ্দেশ্য। শুকুৰবাৰে পুৱাৰ পৰাই সুৰেশৰ তিনি ককাই-ভাই আৰু কাৰ্যালয় তথা কলকাতা, গুৱাহাটী, দিল্লী, নয়দা আৰু তেজপুৰ, নলবাৰীৰো কেইবাটাও ঠাইত এই অভিযান চলোৱা হয়।
এই অভিযান কালত পৃথানীৰ ব্যৱসায়িক সংগীসকলৰ লগতে দুই ভাতৃৰ বাসভৱনতো বিত্তীয় লেন-দেনৰ বিভিন্ন তথ্য-পাতি জব্দ কৰাৰ কথা পতা হৈছে যদিও এই বিষয়ে সবিশেষ তথ্য বৰ্তমানলৈকে প্ৰকাশ কৰা নাই আয়কৰ বিভাগে। মুঠ ১১টাতকৈ অধিক স্থানত আয়কৰ বিভাগে নথি পত্ৰ জব্দ কৰা বুলি জানিব পৰা গৈছে।












