![]()
‘অসমীয়া ভাষা-সংস্কৃতিৰ ওপৰত ন-ন তথ্যৰে গভীৰভাৱে উন্নতমান প্ৰগ্ৰেম সৃষ্টিৰে বিশ্ববাসীৰ সন্মুখত উপস্থাপনৰ বাবে দূৰদৰ্শন অসমৰ প্ৰডিউচাৰ্ছ কাউন্সিলক প্ৰয়োজন ১০০কোটি টকা বিশেষ পেকেজ। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখত প্ৰতিবাদ সাৱ্যস্ত কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ক স্মাৰক-পত্ৰ প্ৰদান কৰে প্ৰডিউচাৰ্ছ কাউঞ্চিলে।
মহানগৰীৰ এডিচিস্থিত দূৰদৰ্শন কেন্দ্ৰ সন্মুখত গুৱাহাটী দূৰদৰ্শনৰ পুৰণি প্ৰগ্ৰেম বন্ধ কৰি নতুন নতুন প্ৰগ্ৰেম সম্প্ৰচাৰৰ দাবী জনায় কাউন্সিলে।
অসমৰ প্ৰাকৃতিক, সামাজিক আৰু ভাষা-সংস্কৃতিৰ কোনো বিশেষ প্ৰগ্ৰেম গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই কৰিব পৰা নাই বুলি প্ৰেছ বিজ্ঞপ্তি জৰিয়তে গুৰুত্ব অভিযোগ তোলে কাউন্সিলে।

আনহাতে, অসমৰ ভাষা-কৃষ্টি সংস্কৃতিৰ ন-ন তথ্যৰে উপস্থাপন কৰা বাবে গুৱাহাটীৰ দূৰদৰ্শনক ১০০ কোটি টকা বিশেষ পেকেজ প্ৰয়োজন বুলি বিজ্ঞপ্তিত উল্লেখ আছে।
প্ৰতিবাদত উপস্থিত থাকে কাউন্সিৰ সভাপতি মঞ্জু বৰা, কাৰ্যকৰী সভাপতি চন্দ্ৰ মুদৈ প্ৰমুখ্যে প্ৰায় ৩০জনৰো অধিক কাউঞ্চিলৰ সদস্য।
ইফালে, প্ৰতিবাদস্থলীত মুখ্যমন্ত্ৰী আইন উপদেষ্টা শান্তনু ভৰালী উপস্থিত হৈ প্ৰতিবাদকাৰী পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ গ্ৰহণ কৰে তেওঁলোকৰ দাবী সম্বলিত স্মাৰক-পত্ৰ।












