ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত জটিল ৰোগত আক্রান্ত ১৪ বছৰৰ তলৰ শিশুক ‘স্নেহস্পৰ্শ আচঁনিৰ’ অধীনত বিনামূলীয়া চিকিৎসা সেৱা ৰাজ্য স্বাস্থ্য বিভাগৰ।জন্মগত ভাৱে জটিল ৰোগত আক্রান্ত শিশু সকলক উন্নত চিকিৎসা প্ৰদানৰ লক্ষ্যৰে স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ ৷
উল্লেখ আচঁনিৰ অধীনত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত ১৪ বছৰ বয়সৰ তলৰ যিসকল শিশু জন্মগতভাৱে স্নায়ুৰোগ, চেৰিব্ৰেল পলিচি, মটৰ নিউৰণ বিসংগতি আদি জটিল ৰোগত আক্রান্ত হৈ আছে সেই সকলক উক্ত আঁচনিয়ে সাঙুৰি লব।
বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ চৌহদত ‘স্নেহস্পর্শ আঁচনি’ শিবিৰ অনুষ্ঠিত হয়।উক্ত শিবিৰত সমগ্ৰ ৰাজ্য প্ৰায় ডেৰ সহস্ৰাধিক জটিল ৰোগত আক্রান্ত শিশুক নতুনকৈ নাম পঞ্জীয়ন কৰা হয়।
উল্লেখ ইয়াৰ পূৰ্বে হোৱা জি এম চি এইচৰ প্ৰথমতো শিবিৰত প্ৰায় এক হাজাৰতকৈও অধিক শিশু নাম পঞ্জীয়ন কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে- এই কথা জানিবলৈ দিয়ে জিএমচিএইচৰ অধ্যক্ষ অচ্যুত চন্দ্ৰ বৈশ্যই।
আজি শিবিৰত নাম পঞ্জিয়ন কৰা শিশু সকলক স্বাস্থ্য পৰীক্ষা কৰা পাছত চিকিৎসা ব্যৱস্থা কৰা হয়। চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া হব- লগতে বৈশ্যই কয়।












