ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটীৰ মহানগৰীত অনলাইন খাদ্য যোগানকাৰী চুইগী কৰ্মচাৰী প্ৰতিবাদ।উলুবাৰী লাচিত নগৰৰ কেএফচি সন্মুখত বিভিন্ন দাবীৰে বৃহস্পতিবাৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।
লকদাউনৰ সুবিধা লৈ বহুজাতিক প্ৰতিষ্ঠা চুইগীয়ে কৰ্মচাৰী সকলৰ প্ৰাপ্য বিভিন্ন সুবিধা লগতে ভাট্টা সমূহ কৰ্তন কৰা গুৰুত্ব অভিযোগ তুলি কৰ্মচাৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ।
তেওঁলোকৰ দাবী সমূহ উত্থাপন কৰি কৰ্মচাৰী সকলে কয়- প্ৰতিটো অৰ্ডাৰ সেৱা মূল্য নূন্যতম ৩০টকা হোৱা লগতে গ্ৰাহকক যোগান ধৰা অৰ্ডাৰ বাবদ ৫টকা দিব লাগিব।
ডেলিভাৰী মূল্য নিৰ্ধাৰণ কৰি তেওঁ লোকে কয়-শূন্য পৰা ৫কিঃমিঃ লৈকে ৭টকা, ৫-৮ কিঃমিঃ ৯টকা আৰু ৮ কিঃমিঃ ওপৰৰ অৰ্ডাৰ সমূহত ১২টকা দিব লাগিব।
চুইগী অৰ্ডাৰ সমূহ একমাত্ৰ চুইগী প্ৰতিষ্ঠানত পঞ্জীয়ন হৈ থকা কৰ্মচাৰীয়ে পাব লাগিব।অন্য প্ৰতিষ্ঠান যেনে ৰেপি’ড, চাৰ্ডফক্স আদি লগত জড়িত কৰ্মচাৰীয়ে আগবঢ়াব নোৱাৰিব।
আনহাতে যিসকল নিবনুৱাই গ্ৰাহকক চাইকেলৰ সহায়ত সেৱা আগবঢ়াই আহিছে সেই সকলৰ কথা উল্লেখ কৰি তেওঁলোকে কয়- চাইকেলেৰে সেৱা আগবঢ়াই অহা যুৱক সকলে ৰেষ্টোৰেন্টত অপেক্ষা কৰিব লগা হ’লে সময়ৰ মূল্য দিব লাগিব।
ইয়াৰ উপৰিও বৰষুণৰ বতৰত কৰ্মচাৰী সকলক প্ৰতিটো অৰ্ডাৰ বিপৰীতে ২০ টকাকৈ অতিৰিক্ত ভাৱে দিব লাগিব- প্ৰতিবাদ সাব্যস্ত কৰি এইদৰে কয় চুইগী কৰ্মচাৰী ৰক্তিম বৰা, আৰু চ’নো দাসে।












