ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : পোন প্ৰথমবাৰৰ বাবে সহস্ৰ উগ্ৰপন্থী সংগঠনৰ কোনো ধৰণৰ বন্ধ ঘোষণা নকৰাকৈ শান্তিপূৰ্ণভাবে পাহাৰীয়া জিলা কাৰবি আংলঙত ৭২ সংখ্যক গণৰাজ্য দিৱস আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠত কৰা হয় ৷ আজি ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্মমিক খেলপথাৰৰ প্ৰাঙ্গনত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ত্ৰিৰংগা পতাকা উত্তোলন কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ জিলাখনৰ শীৰ্ষ প্ৰশাসনীয় বিষয়াদ্বয় ক্ৰমে, উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা আৰু অভিজিত দেউৰী সমন্বিতে তুলিৰাম ৰংহাঙে পেৰেডত অংশগ্ৰহণ কৰা জোৱান, এনচিচি ক্ৰেডেট আৰু ছাত্ৰ-ছাত্ৰীসকলৰ গাৰ্ড অব অনাৰ গ্ৰহণ কৰে ৷
ইয়াৰ পিছত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নিজৰ ভাষণ প্ৰসংগত তেওঁৰ নেতৃত্বত বিজেপিৰ শাসন কালত কাৰবি আংলঙৰ চকুত লগা উন্নয়ণ হৈছে বুলি কয় আৰু বিভিন্ন ক্ষেত্ৰত ঈৰ্শনীয় পৰিৱৰ্তন হৈছে বুলি মন্তব্য কৰে ৷ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ভাষণ প্ৰসংগত চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত সাংবাদিক আৰু লেখক-সাহিত্যিকসকললৈ পৰিষদৰ পুঁজিৰ পৰা ১০ লাখ টকা বীমাৰ কথা ঘোষণা কৰে ৷
পেৰেডত অংশগ্ৰহণ কৰা বিভিন্ন প্ৰতিযোগীৰ লগতে সাংস্কৃতিক গোষ্ঠীৰ মনোমোহা নৃত্য আৰু স্বায়তেতশাসিত পৰিষদৰ বিভিন্ন বিভাগৰ প্ৰদৰ্শনীৰ লগতে ক’ভিড যুদ্ধা সকলৰ অংশগ্ৰহণে উপস্থিত দৰ্শকক আপ্লুত কৰে ৷
কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত পতাকা উত্তোলন কৰাৰ লগতে গান্ধী পাৰ্কত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে শ্বহীদ বেদীত গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদন কৰা হয় ৷ ইয়াৰোপৰি ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী আৰু ডিফু কাৰাগাৰৰ কাৰাবন্দী সকলৰ মাজত ফলমূলো বিতৰণ কৰা হয় ৷