নিউজ ডেস্কঃ
লক্ষ্য কেৱল আৱৰ্জনা আতৰোৱাৰ নহয়, লক্ষ্য শিল্প কৰ্মৰে মাউন্ট এভাৰেষ্টক আৱৰ্জনামুক্ত কৰাৰ ৷ এই প্রকল্প হাতত লৈছে নেপালে ।
প্রতি বছৰে মাউন্ট এভাৰেষ্ট (Mount Everest) জয়ৰ লক্ষ্যৰে অসংখ্য পর্বতাৰোহীয়ে (climbers and trekkers) এই শৃংগত অভিযান চলায়। তেওঁলোকৰ যাত্রাপথত পৰি থাকে অসংখ্য নানা ধৰণৰ আৱৰ্জনা । ইয়াৰ ফলত ক্রমশঃ দূষিত হ’বলৈ আৰম্ভ কৰিছে এভাৰেষ্টৰ পৰিৱেশ। নেপালে (Nepal)এইবাৰ এভাৰেষ্টক ৰক্ষা কৰাৰ প্ৰশংসনীয় উদ্যোগ হাতত লৈছে ।
এই পৰিকল্পনা অনুসৰি পর্যটকসকলে পেলাই থকা বিভিন্ন সামগ্ৰীৰে শিল্প সৃষ্টিৰ কথা চিন্তা কৰিছে নেপালে । এই কাৰ্যৰ দায়িত্বত আছে টমি গুস্তাফচন (The art project director, Tommy Gustafsson)। তেখেতে জনাইছে, এই কাৰ্যত স্থানীয় বাসিন্দাসকলৰ লগতে বিদেশী শিল্পীসকলৰ সহায়ো লোৱা হ’ব। ইয়াৰোপৰি চিন্তা কৰা হৈছে এটা সংগ্রহালয় নিৰ্মাণৰ কথাও ।
এই প্ৰকল্প কাৰ্যকৰী কৰিবলৈ বর্জিত (garbage) সামগ্ৰীৰে শিল্প সৃষ্টিৰ পূৰ্বে অন্য এটা প্রকল্প বাস্তবায়িত কৰিব লাগিব বুলি ভাবিছে নেপালে । নেপালে ঠিক কৰিছে যে, প্রত্যেক এভাৰেষ্ট আৰোহণকাৰীক কমেও এক কেজিকৈ বর্জিত সামগ্ৰী ঘুৰাই অনাৰ অনুৰোধ কৰা হ’ব। বিশেষজ্ঞসকলৰ ধাৰণা, আৰোহীসকলক এই প্রকল্পত যুক্ত কৰিব পাৰিলে এভাৰেষ্টৰ পৰিৱেশ যথেষ্ট পৰিমাণে ৰক্ষা কৰিব পৰা যাব।