স্বাস্থ্য প্ৰতিবেদন:
আজিকালি সততে সৰু-ডাঙৰ সকলোৰে মুখত ঘা হোৱা দেখা যায়৷ ই হয়তো এক সাধাৰণ পৰিঘটনা হব পাৰে নতুনা অন্যান্য ৰোগৰ ফলশ্ৰুতিও হ’ব পাৰে৷ মুখক পেটৰ দাপোন বুলি কোৱা হয়৷
গতিকে কৌষ্ঠকাঠিন্য বা আন পাক প্ৰণালীৰ অসুস্থতাৰ পৰিণামস্বৰূপে মুখত ঘা হোৱা পৰিলক্ষিত হয়৷ কিন্তু ইয়াৰ উপৰি আন আন বহুত কাৰণত মুখত ঘা হ’ব পাৰে৷ চাওকচোন মুখত ঘা হোৱাৰ বিভিন্ন কি কি কাৰণ হ’ব পাৰে৷
• ষ্ট্ৰেছ অৰ্থাৎ যি কোনো শাৰীৰিক বা মানসিক চাপ :
মুখত ঘা হোৱাৰ ইয়াক এক প্ৰমুখ কাৰণ বুলি গণ্য কৰা হয়৷ বহুতো মানুহে চাপত পৰিলে অপকাৰী ৰাগিয়াল দ্ৰব্যৰ সহায় লয়, সেয়াও ক্ষতিকাৰক৷ নিদ্ৰাহীনতা বা কম সময়ৰ বাবে টোপনি যোৱাও সমানে ক্ষতিকাৰক৷
• কনষ্টিপেচন আৰু পাক প্ৰণালীৰ অসুখ :
বিশেষকৈ গেষ্ট্ৰইচ ভেজিয়েল ৰিফ্লাস্ক ডিজিজ মুখৰ ঘাৰ উল্লেখযোগ্য কাৰক হ’ব পাৰে৷
• মুখৰ স্বচ্ছতা বা হাইজিন ভালকৈ বৰ্তাই নাৰাখিলে :
মুখত ঘা হ’ব পাৰে৷ ব্ৰিটিছ ডেন্টিষ্ট এজনে অলপতে ব্যক্ত কৰিছে যে দিনে অন্তত: দুবাৰকৈ টুথপেষ্ট লগাই ব্ৰাছ কৰিলে মুখৰ হাইজিন ভালে থাকে আৰু মুখৰ ৰোগত আক্ৰান্ত হ’ব নোৱাৰে আৰু কৰোনাৰ পৰাও সুৰক্ষা পায়৷
* মুখৰ শুকান অৱস্থা (Xerostomia) :
মুখত ঘা হোৱাৰ এটা অন্যতম কাৰণ৷ বিভিন্ন দৰবৰ পাৰ্শ্বক্ৰিয়া, বাৰ্ধক্যকাল, ডায়েবেটিজ, কেঞ্চাৰ, এলঝাইমাৰ আদি শুকান মুখৰ কাৰক হ’ব পাৰে৷
• দাঁত ভালে নাথাকিলে আৰু ডেন্টেল প্ৰচিডিউৰৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে :
মুখত ঘা হ’ব পাৰে৷ পোকে খোৱা, ভঙা, ধাৰ থকা দাঁত থাকিলে মুখৰ সংলগ্ন অঞ্চলত ঘা হ’ব পাৰে৷ দাঁত পোনোৱা কামত ব্যৱহৃত তাঁৰৰ আঁচোৰ লাগিও ঘা হ’ব পাৰে৷
• গৰম চাহ, কফি বা আন গৰম খাদ্যৰ প্ৰভাৱ :
অসাবধানতাবশত: গৰম খাদ্যই মুখত ঘাৰ সৃষ্টি কৰিব পাৰে৷
• শৰীৰত ভিটামিনৰ অভাৱ হ’লে :
ভিটামিন-বি ১২, ফলেট, আইৰণ, জিংক আদিৰ অভাৱ হ’লে মুখত ঘা হ’ব পাৰে৷
• যিকোনো কাৰণতে শৰীৰৰ ইমিউনিটি হ্ৰাস পালে :
যেনে এইডছ, কেঞ্চাৰ বা আন জটিল ৰোগ৷
• ফাংগেল, ভাইৰেল, বেক্টেৰিয়েল ৰোগৰ ফলত মুখত ঘা হ’ব পাৰে৷:
কেণ্ডিডা এলবিকানচ নামৰ শেলুৱৈয়ে মুখত ঘা কৰে৷ হাৰপিজৰ বিভিন্ন ভাইৰাছেও মুখত ঘা কৰে৷ এমক্সিচিলিন জাতীয় এন্টিবায়টিকে মুখত ঘা কৰিব পাৰে৷ আন বিভিন্ন এন্টিবায়টিকৰ ব্যৱহাৰৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে কেতিয়াবা এনে হ’ব পাৰে৷
• মহিলাৰ মাহেকীয়া সময়ত হোৱা হৰমোনৰ অস্থিৰতাৰ হেতু৷
• ফুড এলাৰ্জী : উদাহৰণ- কণী, মাছ, পনীৰ, বাদাম, ষ্ট্ৰবেৰী, আনাৰস, চকলেট আদি৷
• ড্ৰাগ এলাৰ্জী যেনে ফেনবাৰবিটন, ফেনিটইন আদি মৃগীৰ দৰব৷
• অটো-ইমিউন ডিজিজ : উদাহৰণ বেহচেট ডিজিজ৷
ঘাৰ বিৱৰণ :
মুখত ঘা এটা বা কেইবাটাও হ’ব পাৰে৷ ওঁঠৰ ভিতৰ ফালে, গালৰ ভিতৰ ফালে, দাঁতৰ আলুত, জিভাৰ তলত, জিভাৰ ওপৰত, তালুত, মুখ গহ্বৰত ঘা হ’ব পাৰে৷ এই ঘা বৰ কষ্টদায়ক৷
কিয়নো ই মুখৰ কোমল মিউকাচ মেমব্ৰেনক জখমী কৰে৷ এনে ঘা হ’লে গোটা বা জুলীয়া খাদ্য খোৱাত অসুবিধা হয়৷ ভালকৈ মুখ মেলিবলৈ আৰু কথা ক’বলৈ অসুবিধা হয়৷ এনে ঘা ভাল হ’বলৈ ৭৷১০ দিন বা দুসপ্তাহকাল সময় লাগিব পাৰে৷ অসুখৰ কাৰণ নিৰ্মূল নকৰিলে মুখত ঘা বাৰম্বাৰ হোৱা দেখা যায়৷
ঘৰুৱা বিধান :
– কুহুমীয়া গৰম নিমখীয়া পানীৰে দিনটোত ২৷৩ বাৰ ভালদৰে কুলকুলি কৰিব৷
– এলোভেৰা পাতৰ ৰস নাইবা এলোভেৰা-জেল ঘাত নিতৌ ২৷৩ বাৰ লগাব৷
– বিশুদ্ধ মৌ-জোল মুখৰ ঘাত লগালে উপশম পাব৷
– নাৰিকল তেল নাইবা অলিভ অইল ঘাত লগালে উপশম পোৱা যায়৷
– হালধি পানীৰে কুলকুলি কৰিলে আৰু হালধিৰ প্ৰলেপ লগালেও ঘা শুকায়৷
– মুখখন পৰিষ্কাৰ কৰিলৈ বেকিং চ’ডাৰ প্ৰলেপ ঘাত লগাব পাৰে৷
– মিল্ক অৱ মেগনেচিয়া মুখৰ ঘাত লগাব পাৰে৷
– বৰফ ঘাত লগালে শীতলতা অনুভৱ কৰিব৷
(বি:দ্ৰ: – একে সময়তে যিকোনো এবিধহে প্ৰয়োগ কৰিব)
চিকিৎসাৰ বিভিন্ন কথা :
মুখৰ ঘাৰ চিকিৎসা কাৰণ চিনাক্ত কৰি সেই অনুসৰি কৰা হয়৷ প্ৰয়োজন সাপেক্ষে খোৱা দৰব, বেজী, লগোৱা দৰব আদিৰ পৰামৰ্শ দিয়া হয়৷ উদাহৰণ স্বৰূপে বি-১২ ভিটামিনৰ অভাৱৰ বাবে ঘা হ’লে তাৰ উচিত প্ৰতিবিধান দিব লাগিব৷
মিথাইলকোবালামিন দিয়া হয় ভিটামিন বি-১২ৰ পৰিপূৰক হিচাবে৷ ফাংগাছৰ বাবে হ’লে এন্টিফাংগেল খোৱা আৰু লগোৱা দৰব দিয়া হয়৷ এচিডিটি বা ৰিফ্লাস্ক ডিজিজ থাকিলে তাৰ যথোপযুক্ত চিকিৎসা অবিহনে মুখৰ ঘা কেতিয়াও নিৰ্মুল নহ’ব৷
কৌষ্ঠকাঠিন্য থাকিলে পোনতে সেয়া নিৰ্মূল কৰিহে ঘাৰ চিকিৎসা কৰিব লাগিব৷ মুখ শুকান নাৰাখিবলৈআমি দিনটোত ৩৷৪ লিটাৰ পানী গ্ৰহণ কৰা আৱশ্যক৷
বজাৰত এন্টিচেপ্টিক মাউথ ৱাচ ভালেকেইবিধ উপলব্ধ৷ আপোনাৰ বিশ্বাসী চিকিৎসকৰ পৰামৰ্শ মতে তাৰে এবিধ বাচি লৈ ব্যৱহাৰ কৰিব৷ মুখৰ হাইজিন ভালে ৰাখিবলৈ হাইড্ৰজেন পেৰঅক্সাইড মিহলোৱা পানী কুলকুলি কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে৷
একেদৰে লোকেল এনাচথেচিয়া থকা জেল আৰু লোচনো বহুবিধ দৰব বজাৰত পায়৷ তলত মুখৰ ঘাত প্ৰয়োগ হোৱা কেইবিধমান দৰবৰ নাম জনালোঁ৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি তাৰ মাজৰ পৰা বাচনি কৰিব যেনে-
Mucopain, Zytee, Sucreal, Metrogyl DGL. Candid MouthPaint, Daktarin gel ৷ মোখনিত পাঠকক জনাওঁ যে মোৰ এনে ৰোগ সম্বন্ধীয় ভিডিঅ’ ইউ টিউবত চাব পাৰিব৷ তাৰ বাবে ইউ টিউবত Swasthya Katha with Dr. Bhupen Saikia বুলি সন্ধান কৰিলেই দেখা পাব৷
ডা: ভূপেন শইকীয়া
যোগাযোগ- ৯৪৩৫০ ৪৮০৫৫ আৰু drbksaikia@gmail.com