ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰ্বি আংলং আৰক্ষীয়ে জিলাখনত অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু বাহাদুৰ ছেত্ৰীয়ে এক বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত বোকাজান মহকুমাৰ ডিলাই তিনিআলিত আৰক্ষীয়ে আজি পুৱা প্ৰায় ৯:৩০ বজাত স্থাপন কৰা এক বিশেষ নাকা তালাচীত মণিপুৰৰ পৰা নগাঁও অভিমুখী AS-02-CC-2104 নম্বৰৰ এখন যাত্ৰীবাহী বাছত তালাচী অভিযান চলাই। অভিযানৰ সময়ত আছ’ৰ আলি নামৰ এজন যাত্ৰীৰ পৰা ৩১টা চাবোনৰ বাকচত ৩৭১ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ডিমাপুৰৰ বাসিন্দা আছ’ৰ আলিৰ পৰা জব্দ কৰা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্যৰ প্ৰায় ১০ লাখ টকা বুলি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে জানিবলৈ দিয়ে। ধৃত সৰবৰাহকাৰী আলিক আৰক্ষীয়ে আটক কাৰৰ লগতে অধিক তথ্যৰ বাবে ডেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।