ASSAM TIMES POST
গুৱাহাটীঃ স্বাধীনতা দিৱসৰ এসপ্তাহ পিছত বৃহস্পতিবাৰে পুৱা ৯মান বজাত গুৱাহাটী ৰেল ষ্টেচনত বোমাতংকৰ সূত্ৰপাত ঘটে। কিছু সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰিয়েই ষ্টেচনটোত থকা যাত্ৰীসকলৰ মাজত এক হুৱা-দুৱা পৰিবেশৰ সৃষ্টি হয়।
প্ৰাপ্ত তথ্য অনুসৰি ইয়াৰ লগে লগে ঘটনাস্থলীত কৰ্তব্যৰত ৰেলৱে আৰক্ষী উপস্থিত হৈ সন্দেহজনক সামগ্ৰীখিনি উদ্ধাৰ কৰে। আৰক্ষীয়েও প্ৰথম অৱস্থাত সামগ্ৰীখিনি বিস্ফোৰক বুলি সন্দেহ কৰিছিল যদিও সেয়া কোনো বোমা বা বিস্ফোৰক নহয় বুলি পাছত নিশ্চিত কৰে।
অৱশ্যে উদ্ধাৰ হোৱা সামগ্ৰীখিনি ফটকাজাতীয় সামগ্ৰী বুলি অনুসন্ধানত পোহৰলৈ আহে। কোনো দুষ্টচক্ৰই ষ্টেচনত থকা যাত্ৰীসকলৰ মাজত এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিবলৈকে এনে কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।













