ASSAM TIMES POST
নতুন দিল্লীঃ ৰাফেল চুক্তি ‘কেলেংকাৰি’ৰ প্ৰসংগত দেশৰ বিৰোধী ৰাজনীতি গৰম হৈ সম্প্ৰতি ঠাণ্ডা হৈ থকাৰ সময়তে ছেপ্টেম্বৰতে ভাৰতে প্ৰথমখন ৰাফেল বিমান লাভ কৰিব বুলি জানিব পৰা গৈছে।
ভাৰতীয় বায়ু সেনাৰ বাবে নিৰ্মিত এই বিমানখন অহা ২০ ছেপ্টেম্বৰত ফ্ৰান্সত চমজি ল’ব বায়ু সেনাৰ মুৰব্বী বিএছ ধানুৱা আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
প্ৰসংগক্ৰমে ২০১৬ চনৰ ছেপ্টেম্বৰত ৩৬ খন ৰাফেল যুঁজাৰু বিমানৰ প্ৰসংগত ভাৰত চৰকাৰ, ফ্ৰান্স চৰকাৰ আৰু ডাচল্ট এভিয়েচনৰ মাজত চুক্তি স্বাক্ষৰিত হৈছিল।













