নিউজ ডেস্কঃ
প্রচাৰৰ সময়ত তেওঁৰ বয়সক লৈ বাৰম্বাৰ কটাক্ষ কৰিছিল বিৰোধী ৰিপাব্লিকানে। বিদায়ী ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পেও সুযোগ পালেই কটাক্ষ কৰিছে। প্ৰসংগ বাৰম্বাৰ উঠিছে, ৭৮ বছৰ বয়সত আমেৰিকাৰ ৰাষ্ট্ৰপতি পদ চম্ভালাটো সম্ভৱনে?
সদ্য নির্বাচিত মার্কিন ৰাষ্ট্ৰপতি বাইডেনে অৱশ্যে এইবোৰত কৰ্ণপাত নকৰে। বিপৰীতে জনায়, তেওঁ সম্পূৰ্ণ সুস্থ। এইবাৰ সেই বিপক্ষকেই আৰু কিবা কোৱাৰ সুযোগ প্ৰদান কৰিলে তেওঁৰ ভৰি ভঙাই। পোহনীয়া কুকুৰৰ সৈতে খেলিবলৈ গৈ ভৰি ভাঙে জো বাইডেনৰ।
শনিবাৰে তেওঁৰ পোহনীয়া কুকুৰটোৰ সৈতে খেলি থাকোতেই এই দুৰ্ঘটনাটো ঘটে। চিকিৎসকৰ ওচৰলৈ লৈ যোৱাত প্রাথমিক এক্সৰেত একো ধৰা নপৰিলেও চিটি স্কেনত দেখা যায় তেওঁৰ সোঁ ভৰিৰ পতাত সামান্য ফাঁট মেলিছে। পৰৱৰ্তী কেইদিনমান বিশেষ ধৰণৰ জোতা পিন্ধিব লাগিব তেওঁ। ইফালে এই দুৰ্ঘটনাৰ পিছত বাইডেনৰ ৰাজনৈতিক শত্ৰু ট্ৰাম্পে তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰিছে৷
উল্লেখ্য, ২০১৮ চনত ‘মেজৰ’ নামৰ কুকুৰটো তেওঁলোকৰ পৰিয়ালৰ সদস্য কৰি লৈছিল বাইডেন দম্পতিয়ে। তেওঁলোকৰ আৰু এটি কুকুৰ আছে। নাম চেম্প। ২০০৮ চনত নির্বাচনৰ পিছত বাইডেন পৰিয়ালে সেইটো নিজৰ কৰি লয়।