![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰ্বি আংলং আৰক্ষীয়ে জিলাখনত অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । এক বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত বোকাজান মহকুমাৰ ডিলাই আৰক্ষীয়ে স্থাপন কৰা এক নাকা তালাচীত মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী AS 01 CC 8564 নম্বৰৰ এখন ট্ৰাকৰ পৰা ৬ কুইন্টেল গাঁজা উদ্ধাৰ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰী মণিপুৰৰ চিংখেইনগাম্বা সিং । আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। জব্দকৃত গাঁজাখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ১ কোটি ২০ লাখ বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।












