লংকাৰ পৰা মনোজ কুমাৰ পাঠক
ঠগ, প্ৰৱঞ্চনৰ কৱলৰ পৰা সাৰি যোৱা নাই দিব্যাংগ তথা শাৰীৰিকভাবে সক্ষম লোক। তেনে এক ঘটনা সংঘটিত হৈছে লংকাত। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ উদালীৰ কমৰউদ্দিন নামৰ এজন লোকে নিজকে দিব্যাংগ লোক বুলি পৰিচয় দি, লংকাৰ বৃহত্তৰ উদালী অঞ্চলৰ দুখীয়া দিব্যাংগ লোকৰ পৰা, দিবাংগ লোকৰ প্ৰমাণ-পত্ৰ, পেন্সন আৰু চৰকাৰৰ বিভিন্ন আঁচনি দিয়াৰ প্ৰলোভন দি আত্মসাৎ কৰি আহিছে ধন।
পিছত, কমৰউদ্দিন নামৰ লোকজনৰ পৰা দিব্যাংগ লোকসকলে চৰকাৰী একো সা-সুবিধা নোপোৱাত অতিষ্ঠ হৈ হোজাই জিলা দিবাংগ মঞ্চৰ সহযোগত আজি লংকাৰ তিনিআলী আৰক্ষী চকীত প্ৰৱঞ্চক কমৰউদ্দিন নামৰ লোকজনৰ বিৰুদ্ধে দাখিল কৰে এক এজাহাৰ। ৩০তকৈও অধিক দিব্যাংগ লোকে একেলগে একেখন এজাহাৰতেই স্বাক্ষৰ কৰি কমৰউদ্দিনৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। দিব্যাংগ লোকসকলৰ দাবী চৰকাৰ থকা আৰক্ষী প্ৰশাসনে ঠগ, প্ৰৱঞ্চক কমৰউদ্দিনৰ বিৰুদ্ধে গ্ৰহণ কৰক কঠোৰ ব্যৱস্থা।