ষ্টাফ ৰিপ’ৰ্টাৰ:
বিগত ৮-৯ মাহৰ অন্তত অৱশেষত ৰাজ্যত কাইলৈৰ পৰা আৰম্ভ হ’ব পাঠদান। বিদ্যালয়, মহাবিদ্যালয় সমূহ খোলা হ’ব যদিও থাকিব কেতবোৰ নীতি নিৰ্দেশনা। এটা শ্ৰেণীত ২০ ৰ ২৫ৰ ভিতৰতহে শিক্ষাৰ্থী উপস্থিত থাকিব আৰু সমান্তৰালকৈ হ্ৰাস কৰা হ’ব বিদ্যালয়ৰ পাঠক্ৰম।
অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পৰিৱৰ্তে বাকী শ্ৰেণীক পৰীক্ষা অবিহনে কৰোৱা হ’ব উত্তীৰ্ণ। দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পাতিব বোৰ্ডে; অষ্টম শ্ৰেণীৰ পৰীক্ষা পাতিব বিদ্যালয়ে।
বিদ্যালয়-মহাবিদ্যালয়ৰ ক্ষেত্ৰত থকা কেতবোৰ নিয়ম হ’ল ক্ৰমেঃ
ডিচেম্বৰ মাহৰ পৰা খোলা হ’ব হোষ্টেল।
অনলাইন শিক্ষা চলি থাকিব।
মহাবিদ্যালয়সমূহ ২ নৱেম্বৰৰ পৰা স্বাভাৱিকভাবে খুলিব।
প্ৰতি শ্ৰেণীত ২৫ তকৈ বেছি ছাত্ৰ ছাত্ৰী থাকিব নালাগে।
স্নাতক পৰ্যায়ৰ তিনিওটা চেমিষ্টাৰৰ বাবে বেলেগ বেলেগ বাৰত হ’ব পাঠদান।
প্ৰথম ছেমিষ্টাৰৰ পাঠদান হ’ব সোমবাৰ, বৃহস্পতিবাৰে
তৃতীয় ছেমিষ্টাৰৰ পাঠদান হ’ব মঙলবাৰ, বুধবাৰ আৰু শুকুৰবাৰে
পঞ্চম চেমিষ্টাৰৰ পাঠদান হ’ব মঙলবাৰ, বুধবাৰ, শনিবাৰে।
ঘৰৰ কাষৰ কলেজ খনতে এমাহৰ বাবে পঢ়িব পাৰিব।
পঞ্চম শ্ৰেণীলৈ বন্ধ থাকিব বিদ্যালয়।
মিড ডে মিলৰ বাবে গাঁওৰ ছাত্ৰ ছাত্ৰী সকল ঘৰলৈ যাব পাৰিব।
বিদ্যালয়লৈ গৈ হ’মৱক বা শিক্ষকৰ লগত আলোচনা কৰিব পাৰিব।
ষষ্ঠ শ্ৰেণীৰ পৰা ক্লাছ আৰম্ভ হ’ব। ৮.৩০ বজাত বিদ্যালয় খুলিব। ১২,৩০ বজালৈকে এটা ক্লাচ আৰু ১.৩০ৰ পৰা ৪.৩০বজালৈকে এটা ক্লাচ হ’ব।
প্ৰথম ১৫ দিন অ’ৰিয়েনটেশ্যন হ’ব তাৰ পিছত ক্লাছ হ’ব।
ৰাতিপুৱা ৫০ শতাংশ আৰু পিছবেলা ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীক মতাই পাঠদান হ’ব।
পাঠ্যক্ৰম হ্ৰাস কৰোৱা হ’ব; কেৱল তিনিটা শ্ৰেণীৰহে পৰীক্ষা হ’ব। ৮, ১০ আৰু ১২।