স্বাস্থ্য প্ৰতিবেদন:
বিস্কুটত থাকে ক্ষতিকাৰক কেলৰি। যাক অত্যধিক পৰিমাণত খালে ফল মাৰাত্মক হ’ব পাৰে। আন্তর্জাতিক সংবাদ মাধ্যমত প্রকাশিত তথ্যমতে বিস্কুট অতিৰিক্ত পৰিমাণে খালে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে জানো আহক :
১) অতিৰিক্ত বিস্কুট খোৱাৰ ফলত আমাৰ শৰীৰৰ বিভিন্ন অংশত এলার্জি দেখা দিব পাৰে। বিস্কুটত অত্যধিক পৰিমাণত ময়দা ব্যৱহাৰ কৰা হয় বাবে বহুতেই অর্শৰ ৰোগত ভোগে।
২) বিস্কুটত থাকে অত্যধিক পৰিমাণৰ কেলৰি আৰু ফেট জাতীয় পদার্থ। প্রতিদিনে যদি পাঁচখনতকৈ অধিক পৰিমাণত বিস্কুট খোৱা হয় তেতিয়াহ’লে আপোনাৰ স্মৰণ শক্তি লাহে লাহে কমিব পাৰে।
৩) যিসকলৰ গ্লুটেন এলার্জিৰ দৰে সমস্যা আছে তেওঁলোকো অতিৰিক্ত বিস্কুট ব্যৱহাৰৰ ফলত নানা সমস্যাৰ সম্মুখীন হ’ব পাৰে।
৪) অৱশ্যে ডাইজেষ্টিভ বিস্কুটৰ কিছু গুণ আছে যিয়ে আপোনাৰ শৰীৰত সদর্থক প্রভাৱ পেলায়।