ষ্টাফ ৰিপ’ৰ্টাৰ:
পশ্চিম কাৰ্বি আংলং:পশ্চিম কাৰ্বি আংলং জিলাৰ নৱগঠিত মহিলা মৰ্চাৰ জিলা সমাতিখনৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা দেওবাৰে অনুস্থিত হয়।টুম্প্ৰেঙস্থিত জিলা বিজেপি কাৰ্যালয়ৰ প্ৰাঙ্গণত পুৱা ৯ বজাত জিলা মহিলামৰ্চাৰ সভানেত্ৰী পুৰ্ণিমা কাথাৰপীয়ে পতাকা উত্তোলনেৰে শুভাৰম্ভণি কৰে।
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকে স্থানীয় বিধায়ক ডা: মানছিং ৰংপি । ভাষণত বিধায়ক গৰাকীয়ে কয় যে নৱপ্ৰজন্মই স্বনিৰ্ভৰশীল হবলৈ চৰকাৰখনে যিবোৰ আঁচনি গ্ৰহণ কৰি আহিছে সেইবোৰ জনসাধাৰনক বুজাই দি আঁচনি সমূহৰ সৎ প্ৰয়োগ কৰিবলৈ আহ্বান জনাব লাগে।
লগতে সভাত উপস্থিত থাকি জিলা বিজেপিৰ উপসভাপতি তথা দুৱাৰআমলা পৰিষদীয় সমষ্টিৰ এম.এ.চি. প্ৰভাত চন্দ্ৰ তাৰোয়ে নতুন বিষয়ববীয়া সকলক উদ্দেশ্যে বিজেপি দলৰ নীতি নিৰ্দেশনাৰ বিষয়ে বহলাই ব্যাখ্যা কৰে ৷
সভাত বিধায়ক ডা: মানছিং ৰংপিৰ ওপৰিও জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাং, কাৰ্বি পৰিষদৰ সদস্য প্ৰভাত চন্দ্ৰ তাৰ’,পৰিষদৰ সদস্যা ৰীনা টেৰঙপী আৰু , পৰিষদীয় সদস্য প্ৰৱন কুমৰৰ উপৰিও মহিলা কাৰ্যকৰ্তা তথা একাংশ বিজেপি কৰ্মী উপস্থিত থাকে ৷













