নিউজ ডেক্স:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত সন্মান জনাই শুক্ৰবাৰে ভাৰতত ৭৫টকাৰ মুদ্ৰা মুকলি কৰে ৷
সেই উপলক্ষে ৱেব টেলিকাষ্টৰ যোগেদি ১৭ বিধ বিভিন্ন ধৰণৰ জৈৱিকৃত ফচলো মুকলি কৰি পুনৰাবৃত্তি কৰে চৰকাৰৰ সুলভ মূল্যত কৃষিৰ ফচল আহৰণৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ ৷
এই সকলোবোৰ হয় নতুন কৃষি আইনৰ বিৰুদ্ধে কেন্দ্ৰৰ সৈতে আলোচনাৰ পিছতো কৃষকৰ চলি থকা আন্দোলন বন্ধ কৰিবলৈ অমান্তি হোৱাৰ পিছতে ৷
প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, সুলভ মূল্যৰ ফচল আৰু চৰকাৰৰ আহৰণ দুয়োটাই প্ৰয়োজনীয় দেশৰ খাদ্য সুৰক্ষাৰ বাবে ৷ তাৰ বাবে বৈজ্ঞানিক পদ্ধতি আৰু উন্নত সুবিধাৰে কাৰ্য চলাই নিয়াতো অতি প্ৰয়োজনীয় ৷