নিউজ ডেক্স:
ৰন্ধন গেছৰ বিতৰণ ব্যৱস্থাত বিভিন্ন পৰিবর্তন আনিছে কেন্দ্রীয় চৰকাৰে। বৰ্তমান ৰেজিষ্টার্ড মোবাইল নম্বৰৰ পৰা মিছড কলৰ মাধ্যমেৰে গেছ বুকিং কৰা যায়। এই ব্যৱস্থাৰ সাফল্যৰ ওপৰত নিৰ্ভৰ কৰি ক’লা বজাৰ ৰুধিবলৈ নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ পথত কেন্দ্র।
আৰম্ভ হৈ গৈছে তাৰ প্রাথমিক প্রস্তুতিৰ কাম। ফলত আগন্তুক দিনত ঘৰতে গেছ চিলিণ্ডাৰ পাবলৈ গ্রাহকসকলে নতুন নিয়ম (New system for home delivery of LPG Cylinder) মানি চলিব লাগিব। নতুন নিয়ম অনুসৰি, গেছ বিতৰকৰ ওচৰত প্রত্যেক গ্রাহকৰ আপ-টু-ডেট তথ্য থকাটো বাধ্যতামূলক।
সেয়া নহ’লে ঘৰত চিলিণ্ডাৰ পোৱাটো বন্ধ হৈ যাব পাৰে।ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণ ব্যৱস্থাত আৰু স্বচ্ছ্বতা আনিবলৈ তৎপৰ হৈছে দেশৰ তেল উৎপাদন আৰু বিপণন সংস্থাবোৰ। প্রাথমিকভাবে নতুন ব্যৱস্থা পৰীক্ষামূলকভাবে জয়পুৰত আৰম্ভ হৈছে। অহা ১ নৱেম্বৰৰ পৰা দেশৰ ১০০খন স্মার্ট চিটীত নতুন নিয়মত গ্রাহকসকলৰ ঘৰে ঘৰে গেছ সৰবৰাহৰ সিদ্ধান্ত লোৱা হৈছে।
আনহাতে, আগন্তুক দিনত দেশজুৰি নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ইঙ্গিত দিছে কেন্দ্রীয় চৰকাৰে। সেই ক্ষেত্রত অবাঞ্ছিত সমস্যা এৰাবলৈ সতর্কতামূলক ব্যৱস্থা হিচাবে গেছৰ ডিলাৰসকলৰ ওচৰত যি ঠিকনা আৰু ফোন নম্বৰ নথিভুক্ত আছে, গ্রাহকসকলে সেয়া এবাৰ পৰীক্ষা কৰি চোৱা প্রয়োজন। মোবাইল নম্বৰ আপডেট কৰা নাথাকিলে বা অসম্পূর্ণ ঘৰৰ ঠিকনাৰ ক্ষেত্রত ভৱিষ্যতে সমস্যাত পৰিব পাৰে। এই ব্যৱস্থা বৰ্তমান কেৱল মাত্র ঘৰুৱা ৰন্ধন গেছৰ ক্ষেত্রত কার্যকৰী হ’ব।
কি নতুন ব্যৱস্থা?
ৰন্ধন গেছৰ চিলিণ্ডাৰ ঘৰলৈ পঠাবৰ বাবে নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে ইণ্ডিয়ান অইল, ভাৰত পেট্রোলিয়ামসহ বিভিন্ন তেল কোম্পানীয়ে। ইয়াৰ নাম দিয়া হৈছে DAC বা ডেলিভাৰি অথেনটিকেচন কোড। এই ব্যৱস্থাত গ্রাহসকলৰ ৰেজিষ্টার্ড মোবাইল নম্বৰত এটি কোড পঠোৱা হৈছে।
ডেলিভাৰি পাৰ্ছনে গেছ চিলিণ্ডাৰ ঘৰত দিব আহিলে গ্রাহকে সেই অথেনটিকেচন কোড জনাব লাগিব। তেল কোম্পানীৰ তৰফৰ পৰা জনোৱা হৈছে, এই দুটি কোড মিলিলেহে গেছ চিলিণ্ডাৰ ডেলিভাৰি কৰা হ’ব।
যদি গেছ বিতৰকৰ ওচৰত আপোনাৰ মোবাইল নম্বৰ বা ঠিকনা আপডেট নাথাকে আৰু গেছ চিলিণ্ডাৰ বুকিং কৰে তেতিয়াহ’লে ডেলিভাৰি ব্যক্তিৰ ওচৰত থকা এপৰ মাধ্যমেৰে সেইটো কৰিব পৰা যাব।