✍বনানী শৰ্মা
আজিকালি বাতৰিকাকতখন মেলিলেই বিফল প্ৰেমৰ বাবে নিজকে শেষ কৰি দিয়া খবৰে ব্যক্তিক মানসিক কষ্ট দিয়ে। ঘৰৰপৰা দূৰৈত থকা সন্তানৰ চিন্তাত মাক-দেউতাকৰ টোপনি হৰে। কাৰণ বাতৰিকাকত, টিভি সকলোতে হতাশজনক খবৰে অৱিভাৱকৰ মনত চিন্তাৰ উদ্ৰেগ ঘটায়। প্ৰেমৰ কেতিয়াও মৃত্যু হ’ব নোৱাৰে। মৃত্যুমুখী প্ৰেমক সমাজে কেতিয়াও মান্যতা প্ৰদান নকৰে। প্ৰেম হ’ব লাগে প্ৰেৰণা।

হাজাৰ প্ৰত্যাহ্বানকো নেওচি আগবাঢ়ি যোৱাৰ প্ৰেৰণা হ’ব লাগে প্ৰেম। তেনেধৰণৰ সঁচা প্ৰেম সমাজত বহুত আছে, কিন্তু প্ৰচাৰৰ অভাৱতে প্ৰেমবোৰ দুখন অন্তৰৰ মাজতে সীমাবদ্ধ হৈ আছে। তদ্ৰুপ এটা সঁচা প্ৰেম কাহিনী হ’ল আমাক অলপতে এৰি যোৱা প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ প্ৰেমৰ কথা।
“…নাৰীয়ে স্বাধীনতা লাভ কৰাটো দূৰৈৰ কথা, স্বাধীনতাৰ সপোন দেখাৰো অধিকাৰ নাছিল। সেই সময়তে তেওঁ প্ৰেমত পৰি স্পষ্টকৈ জনাইছিল, তেওঁৰ পৰিয়ালক বুজাইছিল প্ৰেমৰ মধুৰতাৰ কথা…”
২৫ বছৰ বয়সতে হাৰিয়ানাৰ কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰা সুষমা স্বৰাজে পাছত দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। নেত্ৰী হিচাপে জনতাৰ অন্তৰত স্থান পাবলৈ সক্ষম হোৱা সুষমা স্বৰাজৰ আছিল আন এক পৰিচয়। কাৰণ একালত তেওঁ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা আছিল।

সকলোৰে আদৰৰ ৰাজনৈতিক নেত্ৰী গৰাকীয়ে কলেজীয়া দিনতে প্ৰেমত পৰিছিলে তেওঁৰ সহপাঠীৰ সৈতে। তেওঁ যি সময়ত প্ৰেমত পৰিছিল সেই সময়ত পৰ্দাপ্ৰথা চলিছিল। নাৰীয়ে স্বাধীনতা লাভ কৰাটো দূৰৈৰ কথা, স্বাধীনতাৰ সপোন দেখাৰো অধিকাৰ নাছিল। সেই সময়তে তেওঁ প্ৰেমত পৰি স্পষ্টকৈ জনাইছিল, তেওঁৰ পৰিয়ালক বুজাইছিল প্ৰেমৰ মধুৰতাৰ কথা।
পৰিয়ালেও বুজি পাইছিল। তাৰ পাছত আৰম্ভ কৰিছিল তেওঁলোকৰ সফল প্ৰেমেৰে এখন সংসাৰ। প্ৰেম আৰু সংসাৰৰ লগতে তেওঁ সমগতিত আগবঢ়াই নিছিল তেওঁৰ ৰাজনৈতিক জীৱনৰ কাম-কাজ। এনেদৰে তেওঁ হৈ পৰিছিল সফল নেত্ৰী, সফল পত্নী আৰু সফল মাতৃ।
প্ৰেমৰ বাবে নিজক শেষ কৰা খবৰৰ মাজতে এনেধৰণৰ সফল প্ৰেমৰ কাহিনীয়ে মনক উৎসাহ দিয়ে। তদুপৰি প্ৰতি জন সুস্থ মানসিকতাৰ ব্যক্তিয়ে প্ৰেমৰ নেতিবাচক খবৰতকৈ ইতিবাচক খবৰৰে সমাজত এটা সুস্থ বাতাবৰণৰ সৃষ্টি হোৱাটো বিচাৰে। প্ৰেমৰ কাহিনী বোৰৰ ফলাফল হওঁক সুষমা স্বৰাজ আৰু স্বৰাজ কৌশলৰ দৰে। প্ৰেমৰ পৰিণতি আত্মহত্যা, অপৰাধ নহৈ হওঁক উৎসাহ,প্ৰেৰণাৰ প্ৰতীক।

সংযোজনঃ ৬৭ বছৰ বয়সীয়া সুষমা স্বৰাজৰ বিয়া হৈছিল ১৯৭৫ চনৰ ১৩ জুলাইত। অৰ্থাৎ দেশত জৰুৰীকালীন অৱস্থাৰ ভৰপক সময়ত। আইনৰ ছাত্ৰী সুষমাৰে সতীৰ্থ স্বৰাজ কৌশলৰ প্ৰথমতে চা-চিনাকি, তাৰ পিছত প্ৰেম আৰু বিবাহ। ব্ৰাহ্মণৰ জীয়ৰী সুষমা শৰ্মা হৈ পৰিছিল সুষমা স্বৰাজ।
বৰ্ণ পাৰ্থক্যক প্ৰেমৰে নাইকিয়া কৰা এই প্ৰেমিক যুগলৰ বিয়াৰ পৰৱৰ্তী সময়তো উভয়ৰে আদৰ্শৰ বৈশাদৃশ্যতাক নিয়ন্ত্ৰণ কৰিছিল প্ৰেমেই। কিয়নো সুষমাই বিশ্বাস কৰিছিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নীতি আৰু আদৰ্শক। বিপৰীতে প্ৰেমিক-স্বামী স্বৰাজ কৌশল আছিল সমাজবাদী চিন্তাধাৰাৰ লোক।