নিউজ ডেক্স:
দুৰ্গা পূজা সমাগত৷ তাৰ লগে লগে ছন্দ ঘুৰাই পাইছে কলকাতাৰ দমদম বিমানবন্দৰে৷ এদিনতে যাত্ৰীৰ সংখ্যা ৩৩ হাজাৰ পালেগৈ৷ আনলক পৰ্বত এই বৃহৎ সংখ্যক যাত্ৰী আগতে হোৱা নাছিল৷ লকডাউনৰ সময়ৰ পৰা বন্ধ আছিল যাত্রীবাহী বিমান।
যোৱা ২৮ মে’ৰ পৰা সেই পৰিসেৱা আংশিক আৰম্ভ হয়৷ ৰে’ল চলাচল বন্ধ থকাত বিমান পৰিসেৱাৰ দিশত যাত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰে৷ শেহতীয়াকৈ বিমান যাত্রীৰ সংখ্যা অস্বাভাবিকভাৱে বৃদ্ধি পাইছে৷ দমদম বিমানবন্দৰৰ সূত্ৰে প্ৰকাশ যে দৈনিক গড়ে যাত্রীৰ সংখ্যা ১৫-২০ স্পৰ্শ কৰিছে৷ সোমবাৰে যাত্ৰীৰ সংখ্যা আছিল ৩৩ হাজাৰ৷
বিমানবন্দৰৰ তৰফৰ পৰা জনোৱা মতে এদিনত অন্তর্দেশীয় বিমান কলকাতালৈ আহে ১২৯খন৷ তাত যাত্ৰীৰ সংখ্যা আছিল ১৪ হাজাৰ ৬৮৮। তদুপৰি কলকাতাৰ পৰা দেশৰ আন নগৰলৈ ১৩৩ খন বিমান উৰা মাৰে৷ ইয়াত যাত্ৰীৰ সংখ্যা ১৯,১১০। উল্লেখ্য যে বৰ্তমান যাত্ৰীসকলৰ মাজত প্ৰায় ৭০ শতাংশ প্ৰথমবাৰলৈ বিমানত যাত্ৰা কৰিছে৷