নিউজ ডেক্স:
ধনদাবীৰ অভিযোগত এজনক আটক পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত। যোৱা ছেপ্টেম্বৰত ৭ তাৰিখৰ পৰা ধাৰাবাহিকভাৱে ফোনযোগে এটা এয়াৰটেলৰ অচিনাক্ত নম্বৰেৰে ১০ লাখ টকা দাবী কৰি ভীতিগ্ৰস্ত কৰি আহিছিল পথ নিৰ্মাণকাৰী কোম্পানী ভাৰতীয় ইনফ্ৰা প্ৰজেক্ট লিমিটেডৰ নিৰ্মাণ কাৰ্যৰ তদাৰক কেডাৰ বাজাজক।
গুৰুত্বপূৰ্ণ যে অচিনাক্ত অভিযুক্তই নিজকে উগ্ৰপন্থী সংগঠন DHD ৰ সদস্য বুলি পৰিচয় দি আহিছিল বাজাজক। যাৰ পৰিপ্ৰেক্ষিতত উপায়হীন বাজাজে শেহতীয়াকৈ আৰক্ষীৰ কাষ চাপে আৰু ঘটনা সন্দৰ্ভত এখন এজেহাৰ দাখিল কৰে খেৰণি আৰক্ষী চকীত। আৰু এই এজেহাৰৰ ভিত্তিত খেৰণি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাৰ নেতৃত্বত চলা তদন্তত প্ৰথমে চিনাক্ত কৰে অচিনাক্ত অভিযুক্তক।
আৰু ১০-১২ দিনীয়া অভিযানৰ অন্তত খেৰণি আৰক্ষীৰ জালত পৰে অভিযুক্ত তাজ উদ্দিন নামৰ লোকজন। উল্লেখযোগ্য যে কাৰ্বি আংলং জিলাত ধন দাবী কৰা লোকজন হৈছে হোজাই জিলাৰ খাৰিখানা গাওঁৰ বাসিন্দা তাজ উদ্দীন।
গুৰুত্বপূৰ্ণ যে অভিযুক্তৰ হাতৰ পৰা ইতিমধ্যে ধন দাবী কৰা মোবাইল-ছিম উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে খেৰণি আৰক্ষীয়ে। ইয়াৰ পূৰ্বেও অভিযুক্তই অনুৰূপ ঘটনা তথা ধনদাবীৰ দৰে অপৰাধমূলক কাৰ্য্য কৰি অহাৰ লগতে প্ৰত্যক্ষভাৱে এনেবোৰ কাৰ্য্যৰ সৈতে জড়িত হৈ আহিছে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন অঞ্চলত বুলি প্ৰকাশ কৰে আৰক্ষীয়ে।













