ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কার্বি আংলং জিলাৰ ডিফুৰ সমীপৱৰ্তী বৰলাংফেৰত যােৱানিশা সংঘটিত হােবা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত এটি বাসগৃহ সম্পূর্ণৰূপে ভস্মীভুত হােৱাৰ লগতে এটি ডেৰ বছৰীয়া শিশুসহ তিনিজন লােক উক্ত অগ্নিকাণ্ডৰ ঘটনাত গুৰুতৰভাবে আহত হয়।
ঘটনাৰ বিৱৰণী অনুসৰি যােৱানিশা প্রায় ৮.৩০ বজাত বৰলাংফেৰৰ চার্থে ছিংথং গাৱৰ ধনীৰাম টকবি নামৰ লােকজনৰ ঘৰত অগ্নিকাণ্ডৰ সূত্রপাত হয়। জুইৰ লেলিহান শিখাই নিমিষতে গােটেই ঘৰটো ছানি ধৰাৰ ফলত বয়-বস্তুসহ গােটেই ঘৰটো নিমিষতে ছাইত পৰিণত হয়।
উক্ত ঘটনাত ধনীৰাম টকবীৰ লগতে পত্নী মাৰিনা ইংহিপী আৰু ডেৰ বছৰীয়া পুত্র সন্তান লগতে টকবিও গুৰুতৰভাবে আহত হয়। ইয়াৰে আংছিৰ টকবি নামৰ শিশুটিৰ লগতে মাতৃ মাৰিনা ইংহিপীৰ অৱস্থা অতিকে গুৰুতৰ বুলি জানিব পৰা গৈছে।
গুৰুতৰভাবে আঘাতপ্রাপ্ত মাতৃ-পুত্রক নিশাই ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হয় যদিও আঘাত অধিক গুৰুতৰ হােৱাৰ বাবে নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হয়। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হােবা নাই।













