ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰবি আংল জিলা প্ৰাথমিক শিক্ষক সন্হাই আজি দিনজোৰা কাৰ্যসূচীৰে ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ৷ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা বাসৱ কতিলাই দীৰ্ঘদিন ধৰি কৰ্মচাৰী পৰিষদৰ দায়িত্বত থাকোতে হোৱা কিছু অভিজ্ঞতা ব্যক্ত কৰি কয় যে আমাৰ প্ৰাপ্য আমি চৰকাৰৰ পৰা আজুৰি আনিব লাগিব ৷
চৰকাৰে নিজে নিজে একো নিদিয়ে ৷ পাহাৰৰ চৰকাৰী কৰ্মচাৰী সকলক শীঘ্ৰে পাহাৰীয়া ভাট্ৰা দিয়াৰ বাবে চৰকাৰৰ লগত হৈ থকা আলোচনাৰ বিষয়েও তেওঁ কয় ৷ পাহাৰৰ প্ৰাথমিক বিদ্যালয় সমূহত শীঘ্ৰে স্হায়ী প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ বাবেও সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্য চৰকৰৰ লগত আলোচনা চলি থকা বুলি কয় ৷
ৰাজ্য চৰকাৰে কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ দেশৰ নিদিষ্ট চিকিৎসালয়ত চিকিৎসা কৰাৰ বাবে আচঁনি লবলৈ চৰকাৰক কৰি অহা দাবীৰ সুফল শীঘ্ৰে লাভ কৰিব বুলি তেওঁ কয় ৷ ৰাজ্যৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে চিকিৎসা আচঁনি গ্ৰহণ কৰা হ’ব বুলি কৰ্মচাৰী পৰিষদক প্ৰতিশ্ৰুতি দিয়া বুলি নেতা গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় ৷
কাৰবি আংলং জিলা প্ৰাথমিক শিক্ষক সন্হাৰ সভানেত্ৰী লাংটুইপী ৰংপিপীৰ সভাপতিত্ব হোৱা সভাখনত বিশিষ্ট অতিথি হিচাবে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰদীপ দত্ত , সম্পদক প্ৰধান মৃণাল দাস, সদৌ অসম প্ৰাথমিক বিদ্যালয় শিক্ষক সন্হাৰ সভাপতি ৰুবুল কলিতা , উপ-সভাপতি টুটু ৱৰঠাকুৰ , সম্পাদক নিৰ্মল গোৱালা .পৰিষদৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব হাৰছিং তেৰাং , শিক্ষা বিষয়া ৰৃপছিং তেৰাং , ৰবীনচন কাথাৰ , লেখক সাংবাদিক
সঞ্জু বৰা , জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি-সম্পাদৰ ৰুহুল আমিন , হিৰণ্য বৰা , জিলা সাহিত্য সভাৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা উপস্থিত থাকে ৷
ক’ভিড-১৯ ৰ নীতিৰে পালন কৰা প্ৰতিষ্ঠা দিৱসত সন্হাৰ সম্পাদক প্ৰবীন হাঞ্চেই কয় যে ১১ ব্লকৰ পৰা পাচঁ জনকৈ শিক্ষকক আজিৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিবলৈ দিয়া হৈছিল ৷ সভাত বক্তা সকলে শিক্ষাগুৰু সকলৰ অৱদানৰ বিষয়ে আলোকপাত কৰাৰ পৰা ক’ভিড-১৯ সৃষ্ট পৰিবেশত কণকণ ছাত্ৰছাত্ৰী সকলক অনলাইনত পাঠদান কৰাৰ সমস্যাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰে ৷
প্ৰতিষ্ঠা দিবসত কিছুদিন পূৰ্বে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী পৰিষদৰ উপদেষ্টা বাসৱ কলিতাক বিপুল সম্বধনা জ্ঞাপন কৰে শিক্ষক সমাজে ৷ লগতে কাৰবি আংলং জিলাৰ প্ৰাথমিক শিক্ষক সকলৰ পাচঁ গৰাকী সন্তানে সংগীত , টুৰিজিম , শিল্প ক্ষেত্ৰত ৰাজ্য তথা ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সন্মান কঢ়িয়াই আনিছে ৷ এই পাচঁ গৰাকী কৃৰ্তিমানক সন্হাই নগদ ধন , স্মাৰক , সম্বধনা পত্ৰ আৰু একোখনকৈ কাৰবি প’হৰে সম্বধনা জ্ঞাপন কৰে ৷ সন্হাৰ বিষয়ববীয়া ইন্দিৰা লেকথেপী , পঞ্চম সিং , শ্যামন্ত ৰংপিয়ে সন্হাৰ ইতিহাস , সন্হাৰ কৰ্মসূচী আদিৰ ওপৰত আলোকপাত কৰি আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলোৰে শলাগ লৈ লাংটুইপী ৰংপিপী আৰু প্ৰবীন হাঞ্চেৰ নেতৃত্বত কাপটা অধিক শক্তিশালী হোৱা বুলি কয় ৷













