ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : সংসদত অতি বিতৰ্কিত আৰু ঐতিহাসিক কৃষক বিলখন পাছ কৰাৰ পিছত কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দল সমূহে তীব্ৰ বিৰোধিতা কৰি মাজতে কৃষক বিধেয়ক খনৰ পূৰ্ণ সমৰ্থনত আজি বিজেপিৰ কাৰবি আংলং জিলা সমিতিয়ে আজি ডিফুস্থিত বিজেপিৰ মুখ্য কাৰ্য্যালয়ত এক সংবাদ মেল আয়োজন কৰি বিধেয়কখনৰ সমৰ্থন কৰি বিজেপিৰ জিলা সম্পাদক তথা এমএচি দৰছিং ৰংহাঙে কয়যে, বিৰোধীয়ে বিধেয়ক খনক মিছাতে হৈ চৈ কৰিছে ৷
বিধেয়কখন সম্পূৰ্ণ কৃষকৰ হিতৰ বাবে এখন বিধেয়ক ৷ বিৰোধীয়ে দৰিদ্ৰ কৃষক আৰু ৰাইজৰ মাজত উক্ত বিধেয়ক সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি কৰি কৃষি ক্ষেত্ৰত আমোল পৰিৱৰ্তন আনিব পৰা লগতে কৃষিত ব্যক্তিগত বিনিয়োগৰ বাবে দ্ৰুত বিকাশ আৰু সংস্থাপন পাব পৰা কৃষকৰ বন্ধু স্বৰূপ কৃষক বিধেয়কখনৰ উপহাস কৰিছে ৷
কৃষক বিধেয়ক খনৰ জৰিয়তে কৃষকে এখন শক্তিশালী বজাৰ পাব অন্নদাতা সকলক মধ্যস্থতাকাৰীৰ কৱলৰ পৰা ৰক্ষা কৰিব পাৰিব ৷ দৰচিং ৰংহাঙে বিধেয়ক খনৰ ব্যৱস্থাপনা কৃষকৰ হিতৰ বাবে থকা সংৰক্ষণ ব্যৱস্থা সন্দৰ্ভত বিৱৰি কয় লগতে বিধেয়ক খনৰ সঁচা সুবিধাৰ কথা অন্ধকাৰত ৰাখি ৰাইজৰ মাজত বিভ্ৰান্তিমূলক আৰু কেতবোৰ মিছা কথা প্ৰচাৰ কৰি ফুৰিছে, সেয়ে কৃষক তথা ৰাইজে বিধেয়কখনৰ সত্যতা অনুধাৱন কৰি কৃষক সকলৰ সৰ্বাংগীন স্বাৰ্থৰ খাতিৰত সমৰ্থন জনাবলৈ আহ্বান জনায় ৷
নৰেন্দ্ৰমোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে কৃষক সকলৰ বাবে ন্যুনতম সমৰ্থন মূল্যৰ বহু বিকল্প থাকিব বুলি কোৱাৰ লগতে মোদী চৰকাৰে ন্যুনতম সমৰ্থন মূল্য অহৰহ বৃদ্ধি কৰি আছে বুলিও মন্তব্য কৰে ৷ ইয়াৰোপৰি আজিৰ সংবাদমেলত বিজেপিৰ কৰ্মকৰ্তাসকলে কৃষক বিধেয়ক সংক্ৰান্তীয় একোখনকৈ গোহাৰি পত্ৰও সাংবাদিক সকলক বিতৰণ কৰে ৷
আজিৰ সংবাদমেলত জিলা বিজেপি উপসভাপতি তথা ইএম ৰাজু তিচ’, সম্পাদক তথা এমএচি দৰচিং ৰংহাঙ, সম্পাদক সকল ক্ৰমে, ছাৰচিং ফাংচ’, মধুৰাম লেকথে, দিলীপ ৰংহাঙ, প্ৰাক্তন বিধায়ক বিদ্যাচিং ইংলেং,আৰু প্ৰচাৰ সম্পাদক বিদ্যাচিং ৰংপি উপস্থিত থাকে৷













