নিউজ ডেক্স:
যুৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় এটা নাম চেগুৱেভাৰা ৷ তেখেতৰ মৃত্যু হৈছিল ১৯৬৭চনৰ আজিৰ দিনটোত ৷ বহুতো নৱপ্ৰজন্মৰ ল’ৰা-ছোৱালীয়ে চে গুৱেভাৰাৰ ছবি সম্বলিত টি-চাৰ্ট বা তেখেতৰ আৰ্হিৰ টুপি পিন্ধিবলৈ ভাল পায় ৷ কিন্তু জানেনে তেখেত কোন?
আৰ্জেণ্টিনাৰ মাৰ্ক্সবাদী বিপ্লৱী, চিকিৎসক, লেখক, গেৰিলা নেতা, কূটনীতিবীদ আৰু সামৰিক তত্ত্ববীদ আছিল চে গুৱেভাৰা ৷ কিউবা বিপ্লৱৰ এজন গুৰুত্বপূৰ্ণ অংশ আছিল সকলোৰে পৰিচিত এই চে গুৱেভাৰা ৷
চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হৈ থাকোতে তেখেতে দক্ষিণ আমেৰিকাৰ দেশসমূহ ভ্ৰমণ কৰিছিল আৰু তেতিয়াই দৰিদ্ৰতা, ভোক, ৰোগৰ চৰম ৰূপ দেখিছিল যিয়ে তেওঁক কট্টৰপন্থীলৈ ৰূপান্তৰিত কৰিছিল ৷
“দ মটৰ চাইকেল ডায়েৰী”ৰ জনক চে গুৱেভাৰাই লেটিন আমেৰিকাত হৈ থকা সৰ্বহাৰাৰ শোষণৰ বিৰূদ্ধে যুঁজিছিল ৷ কিউবা বিপ্লৱৰ অংশ আছিল এই ছে গুৱেভাৰা ৷











