নিউজ ডেক্স:
বিহাৰত এলজেপিক উপেক্ষা কৰি জনতা দল ইউনাইটেডেৰ সৈতে জোঁট কৰাৰ সিদ্ধান্ত বিজেপিৰ বাবে শাখা হৈ উঠিছে৷ আসন ভাগবতৰা লৈ অসন্তোষ। স্থানীয় জেডিইউ নেতাসকলৰ সৈতে অশান্তি আৰু সদ্য পিতৃবিয়োগ হোৱা ছিগাল পাছোৱানৰ লোকজন শক্তি পার্টিৰ সৈতে সদ্ভাবৰ বাবে বিজেপিৰ একাধিক নেতাই দলত্যাগ কৰি এলজেপিৰ হাতত ধৰাৰ সিদ্ধান্ত লৈছে৷
ইতিমধ্যে গেৰুৱা শিবিৰৰ ৰাজ্যিক উপ সভাপতি আৰু অন্তত তিনিজন প্রভাবীৱশালী নেতাই ছিগালৰ দলত যোগ দিছে৷ এক সূত্ৰৰ মতে আগন্তুক দিনত আন কেইবাজনো নেতাই শিবিৰ সলনি কৰাৰ সম্ভাৱনা আছে৷
যোৱা নিৰ্বাচনত বিজেপিয়ে অকলে ১৭০ খন আসনত যুঁজ কৰিছিল৷ এইবাৰ শক্তিশালী জেডিইউৰ সৈতে জোঁট কৰাত সেই আসন নামি ১২১ খন হৈছে৷ ফলত দলৰ বহু প্রভাৱশালী নেতাক টিকট দিয়াৰ সম্ভৱ নহয়৷ যিবোৰ আসন প্রথাগতভাৱে গেৰুৱা শিবিৰৰ প্ৰাৰ্থীক দিছে, সেইবোৰ আসনৰ মাজত কেইবাখনো জোঁটৰ সংগী নীতীশ কুমাৰক এৰি দিছে৷
ফলত টিকট পোৱা নাই দলৰ বহু পুৰণা আৰু বিশ্বস্ত নেতাই৷ অনিশ্চিত ৰাজনৈতিক ভৱিষ্যতৰ আশংকাত যোগ দিছে গেৰুৱা শিবিৰৰ পুৰণা সংগী এলজেপিত৷ ইতিমধ্যে ছিৰাগ পাছোৱানৰ লগ লাগিছে বিহাৰ বিজেপিৰ প্রাক্তন উপ সভাপতি ৰাজেন্দ্র সিং।
উল্লেখ্য যে এটা সময়ত এইজন নেতাক গেৰুৱা শিবিৰৰ মুখ্যমন্ত্রী পদপ্রার্থী বুলি লোৱা হৈছিল৷ আনহাতে এলজেপিত যোগ দিছে প্রাক্তন বিধায়ক তথা বর্ষীয়ান নেতা ৰামেশ্বৰ চৌৰাচিয়া, যিজন ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত৷ ছিৰাগৰ দলত যোগ দিছে বিজেপিৰ মহিলা মৰ্চাৰ প্রাক্তন নেত্রী ঊষা বিদ্যার্থীয়ে৷ এও এটা সময়ত বিধায়ক আছিল৷
এতিয়া বিহাৰত এলজেপিত যোগ দিছে বহু নেতাই৷ উল্লেখ্য যে বিজেপি-এলজেপি জোটই প্রকৃত এনডিএ। একেটা ছবি দেখা গৈছে আৰজেদিটো৷ দলত্যাগ কৰা নেতাক আৰজেদিত টিকট দিয়া হৈছে৷










