নিউজ ডেক্স:
ভাৰতীয় বিশ্ববিদ্যালয়, মহাবিদ্যালয় সমূহে মাক্ৰচফ্ট কৰ্পৰেশ্যনৰপৰা আৰম্ভ কৰি গুগললৈকে কোম্পানী সমূহৰ বাবে প্ৰধান কাৰ্য নিৰ্বাহক সৃষ্টি কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধাৰণা যে এইসকল ল’ৰা-ছোৱালীয়ে ইয়েল বা অক্সফৰ্ডৰ দৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগত প্ৰতিযোগিতা কৰিব পাৰিলে ভাল ফলাফল দেখুৱাব পাৰিব ৷
শিক্ষা মন্ত্ৰী ৰামেশ পখ্ৰীয়ালে জনাই যে মোদী চৰকাৰে প্ৰায় ৭,৫০,০০০ ছাত্ৰ-ছাত্ৰী, যিয়ে শিক্ষাৰ বাবে বিদেশতো১৫বিলিয়নৰ ওচৰা-ওচৰি টকা খৰচ কৰে, সেইসকলক আকৰ্ষণ কৰিবৰ বাবে দক্ষিণ-এছিয়াৰ দেশৰ দক্ষতাৰে পৰিচালিত শিক্ষাখণ্ডসমূহক ভাৰতলৈ আনিবলৈ যোৰ দিছে ৷
এই বিশ্ববিদ্যালয়সমূহক ইয়াত শাখা খোলাৰ বাবে অনুমতি আৰু নিয়ন্ত্ৰনৰ বাবে আইন প্ৰস্তুত কৰাত ব্যস্ত সংসদ ৷ এই পদক্ষেপৰ যোগেদি শাসক গোষ্ঠীয়ে জনতাৰ অন্তৰত স্থান ল’ব বুলি আশা কৰা হৈছে ৷










