নিউজ ডেক্স:
অভিনয়ৰ লগতে তেওঁ সকলো সময়তেই সংবাদ শিৰোনামত থাকে বিভিন্ন বিষয়ত বিতর্কিত মন্তব্যৰ বাবে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুক কেন্দ্র কৰি এটাৰ পিছত আন এটা মন্তব্য কৰিছে কঙ্গনাই। আনকি জুলাই মাহত তেওঁ ইয়াকো দাবী কৰিছিল যে যদি তেওঁৰ দাবী মিছা প্রমাণিত হয়, তেনেহ’লে চৰকাৰে প্ৰদান কৰা পদ্মশ্রী বঁটা তেওঁ ঘূৰাই দিব।
সুশান্তৰ মৃত্যুৰ পিছতে বিভিন্ন ছচিয়েল মিডিয়া প্লেটফর্মত কঙ্গনাই এটি ভিডিও আপলোড কৰিছিল, য’ত তেওঁ ফিল্ম ইণ্ডাষ্ট্ৰীৰ একাধিক ব্যক্তিৰ বিৰুদ্ধে স্বজন-তোষণৰ অভিযোগ আনিছিল। তেওঁ ইয়াকো দাবী কৰিছিল যে প্রতিভা থকাৰ পিছতো এই স্বজন-তোষণৰ চিকাৰ হৈ বলিউডক বিদায় জনাবলৈ বাধ্য হৈছিল বহুতে।
একে সময়তে তেওঁ সাংবাদিকসকলকো কটাক্ষ কৰিছিল। ভিডিওটোৰ শেষত তেওঁ দাবী কৰিছিল, সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰা নাই, তেওঁক পৰিকল্পিতভাবে হত্যা কৰা হৈছিল।
ছুপ্রিম কোর্টৰ নির্দেশত চিবিআইয়ে সুশান্ত মৃত্যুৰ তদন্তভাৰ হাতত লোৱাৰ পিছত তেওঁৰ সংৰক্ষিত ভিচেৰা নমুনা পৰীক্ষা কৰি চায় এইমছৰ ফৰেন্সিক বিশেষজ্ঞৰ দলে। তেওঁলোকে জনায়, ১৪ জুনত হত্যা নহয়, আত্মহত্যা কৰিছিল অভিনেতা সুশান্ত সিং ৰাজপুতে। ইয়াৰ পিছতে ছচিয়েল মিডিয়াত দাবী উঠে কেতিয়া কঙ্গনাই তেওঁ পোৱা বঁটা ঘূৰাই দিব তাক জনাৰ। মুহূর্ততে ট্যুইটাৰত ট্রেন্ডিং হৈ যায় # KanganaAwardWapasKar।
এতিয়া ছচিয়েল মিডিয়াত এটাই ট্ৰল- কংগনা তুমি কেতিয়া পদ্মশ্ৰী বঁটা ঘূৰাই দিবা???










