নিউজ ডেক্স:
মুম্বাই আৰক্ষীৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ পৰম বীৰ সিঙে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিকে ধৰি আন দুটা টিভি চেনেলে টি.আৰ.পি. মেচিন থকা পৰিয়ালসমূহক টকা দি টি.আৰ.পি.ৰ হেৰফেৰ কৰিবলৈ চেষ্টা কৰা বুলি গোচৰ ৰুজু কৰা হৈছে

এই গোচৰত অভিযুক্ত আন দুটা টিভি চেনেলৰ নাম ক্ৰমে ফক্ট মাৰাঠী আৰু বক্স চিনেমা ৷ মুম্বাই আৰক্ষীয়ে জনোৱা অনুসৰি বিষয়টোৰ ওপৰত সোধপোছ আৰু অনুসন্ধান চলি আছে ৷
“হান্চা” নামৰ এটা সংস্থানে চেনেল কেইটাক প্ৰায় ২০০০ মানুহৰ ঘৰত সংস্থাপন কৰা বেৰ’মিটাৰৰ ব্যৱহাৰ কৰি টি.আৰ.পি. হেৰফেৰেৰে ৰেটিং বঢ়োৱাত সহায় কৰিছিল ৷ মুম্বাই আৰক্ষীৰ মত অনুসৰি সেই কেইটা চেনেল একেৰাহে বেছি সময় চলাবৰ বাবে এই দলটোৰ লোক গৈ মাহে ৪০০/৫০০টকা দি আহিছিল ৷
মুম্বাই পুলিচৰ অপৰাধ চিনাক্তকৰণ শাখাই বাকী দুটা চেনেলৰ মুৰব্বীক আটক কৰিছে আৰু জনাইছে যে ৰিপাব্লিক টিভিৰ মুৰব্বীলৈও অতি সোনকালে আৰক্ষী থানাত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰেৰণ কৰিব ৷










